নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰৰ পাচত এমএমচিত স্বাস্থ্যমন্ত্ৰীঃ উজাগৰে থাকিও ক’ৰোনাৰ বিৰুদ্ধে যুঁজ ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে মাত্ৰ এটা দিনৰ ভিতৰতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত । অসমত বহু পূৰ্বেই স্বাস্থ্যবিভাগে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ সকলো ধৰণৰ ব্যৱস্থা সাজু কৰি তোলাৰ পাচতো যেন থমকি ৰোৱা নাই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । দিনটোৰ সম্পূৰ্ণ ২৪ ঘণ্টাই এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন মেডিকেল কলেজ হাস্পতাল আৰু জিলাই জিলাই কি পৰ্যায়ত ব্যৱস্থা গঢ়ি তোলা হৈছে সকলো কথাৰে বুজ লৈ আছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

বুধবাৰে মাজনিশা মন্ত্ৰীগৰাকী সোণাপুৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে ক’ৰোনা আক্ৰান্ত ৩ জন ৰোগীৰ স্বাস্থ্যৰ বুজ লয় । ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে সোণাপুৰত উপস্থিত হৈ চিকিৎসক সকলৰ সৈতেও মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ ক্ষন্তেক পাচতেই মন্ত্ৰীগৰাকী পুনৰ উপস্থিত হয়হি গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত । চিকিৎসালয়ত উপস্থিত হৈয়ে ক’ৰোনা ভাইৰাছৰ লক্ষণ থকা এজন ৰোগীৰ স্বাস্থ্যৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে টুইটাৰত উল্লেখ কৰা অনুসৰি এইগৰাকী ৰোগী বৰ্তমানলৈকে ক’ৰোনা পজিটিভ বুলি স্পষ্ট হোৱা নাই ।

You might also like