স্বাস্থ্য বিভাগে জাৰি কৰা নিয়ম মানি আমি ক’ৰোনাবিৰোধী যুঁজত জয়ী হ’ম
নিয়মীয়া বাৰ্তা, ২৫ মেঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে ইতিমধ্যে প্রস্তুত কৰি ৰখা ডিমৌ বৰুৱা চাংমাইস্থিত শিৱসাগৰ কাৰিকৰী শিক্ষানুষ্ঠানৰ কোৱাৰেণ্টাইন কেন্দ্রটো আজি পৰিদর্শন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আজি কোৱাৰেণ্টাইন কেন্দ্রটোত উপস্থিত হৈ চিকিৎসক, জিলা উপায়ুক্ত আৰু বিষয়াসকলৰ লগত মত বিনিময় কৰে৷
ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকসকলৰ আগত কয়– অসমৰ এনে দুর্যোগৰ সময়ছোৱাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰা নির্দেশনাসমূহ সকলোৱে মানি চলিলে আৰু সকলোৱে যদি সহযোগিতা আগবঢ়ায়, আমি নিশ্চিতভাৱে ক’ভিড–১৯ৰ বিৰুদ্ধে সফল হ’ব পাৰিম৷ অসমৰ প্রতিখন জিলাৰ প্রতিজন ব্যক্তি সুস্থ হৈ থাকক, নিৰোগী হৈ থাকক৷ আগন্তুক দিনতো যিহেতু আক্রান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে, সেয়ে আমাৰ প্রত্যাহ্বান অধিক হৈ পৰিছে৷ এই প্রত্যাহ্বানৰ প্রত্যুত্তৰ দিবলৈ ঐক্যবদ্ধভাৱে আমি আমাৰ নীতি–নিয়মসমূহ শৃংখলাবদ্ধভাৱে পালন কৰিব লাগিব৷
তেওঁ লগতে কয় যে এই দুর্যোগৰ সময়তে আমাৰ মাজলৈ আৰু এটা দুর্যোগ নামি আহিছে৷ কেইবাখনো জিলাৰ কেইবাখনো গাঁও বানপানীত আক্রান্ত হৈছে৷ জিলা প্রশাসনসমূহে একেটা সময়তে দুটা দুর্যোগৰ মোকাবিলা কৰিব লগা হৈছে৷ জিলা প্রশাসনক সকলো স্তৰৰ লোকক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ বানপানীত ক্ষতিগ্রস্ত হোৱা লোকসকলক সাহায্য প্রদান কৰিবলৈ জিলা প্রশাসনসমূহলৈ নির্দেশনা প্রেৰণ কৰা হৈছে৷ এই দুর্যোগৰ সময়ছোৱাত ৰাইজে মনোবল অটুট ৰাখিব লাগিব৷ মনোবল অটুট ৰাখি দৃঢ়তাৰে যুঁজ দি যাব লাগিব৷
সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত কয় যে হোম কোৱাণ্টোইনত থকা একাংশ লোকে অভব্য আচৰণ কৰিছে৷ এয়া কেতিয়াও গ্রহণযোগ্য নহয়৷ কোৱাৰেণ্টাইনত ৰখা ব্যৱস্থাটোৱে হৈছে তেওঁলোক সুস্থ হৈ থাকক৷ যিসকল লোকে হোম কোৱাৰেণ্টাইন বা কোৱাৰেণ্টাইন কেন্দ্রত অধৈর্য হয়, নিয়ম–নীতি উলংঘা কৰে, তেতিয়াহ’লে চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’ব৷ এই সংক্রমণৰ পৰা ৰক্ষা কৰিবলৈ হ’লে আমি সকলোৱে দায়বদ্ধতাৰে নিজ সামাজিক দায়িত্ব–কর্তব্য পালন কৰিব লাগিব৷ লকডাউনৰ ফলত বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক অসমলৈ অনাৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷
তদুপৰি প্রত্যেকটো সমষ্টিৰ বিধায়ক, সাংসদ, পঞ্চায়ত প্রতিনিধিসকলে ৰাইজৰ সহযোগত উন্নতমানৰ সেৱা আগবঢ়াবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রীগৰাকীৰ লগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চৰকাৰৰ ৰাজহমন্ত্রী যোগেন মহন, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, মৰাণ সমষ্টিৰ বিধায়ক চক্রধৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ উপস্থিত থাকে৷ উল্লেখ্য যে ডিমৌ বৰুৱা চাংমাইস্থিত কাৰিকৰী শিক্ষানুষ্ঠানখনৰ কোৱাৰেণ্টাইন কেন্দ্রটোত ইতিমধ্যে মুম্বাই, চেন্নাই, কেৰালা, বাংগালুৰু, দিল্লী আদি বহিঃৰাজ্যত থকা সত্তৰজন লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে৷