‘হয় আমাক চাকৰি দিয়ক, নহ’লে আমাক গুলীয়াই মাৰক’
নিয়মীয়া বার্তা, ৩ মার্চঃ অসম বিধান সভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা প্ৰতিবাদত উত্তাল হৈ পৰিল দিছপুৰ লাষ্টগেট । ৰাজ্য চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে আজি গৃহৰক্ষী স্বেচ্ছাসেৱক বাহিনীয়ে ‘হয় আমাক চাকৰি দিয়ক, নহ’লে আমাক গুলীয়াই মাৰক’ শ্ল’গানেৰে দিছপুৰ লাষ্টগেটৰ আকাশ বতাহ কঁপাই তুলে ।
আজি গৃহৰক্ষী স্বেচ্ছাসেৱক বাহিনীৰ জোৱানসকলে চাকৰি নিয়মীয়াকৰণৰ লগতে বহুকেইটা দাবীৰে দীৰ্ঘদিনৰ দাবী মানি নোলোৱাৰ বাবে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । ইফালে আজিৰ এই দাবীসমূহ শীঘ্ৰে মানি নল’লে পৰৱৰ্তীসময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰো হুংকাৰ দিয়ে ।