নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিন অসমৰ পৰিৱেশ কঠিন হৈ থাকিবঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৬ মেঃ ৰাজ্যত ক্রমাগতভাৱে বৃদ্ধি পোৱা ক’ভিড–১৯ আক্রান্তক লৈ স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত থকাৰ মাজতে বহিঃৰাজ্যৰ পৰা পুনৰ অসমলৈ আহিব ৮ হাজাৰ লোক৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে ৰে’লযোগে আহিব লগা এই ৮ হাজাৰ লোকক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। ইতিমধ্যে বহিঃৰাজ্যত সংক্রমিত হৈ অহা লোকৰ সংখ্যা পাঁচ শতাধিক অতিক্রম কৰাৰ সময়তে ৮ সহস্রাধিক ৰে’লযাত্রীৰ আগমনৰ ফলত ৰাজ্যৰ পৰিস্থিতিয়ে কি ৰূপ লয়, তাক লৈ উদ্বিগ্ণ স্বাস্থ্য বিভাগৰ লগতে প্রশাসন৷ এই সন্দর্ভত আজি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট মন্তব্য– অহা এসপ্তাহ–দহ দিনলৈ পৰিৱেশ কঠিন হৈ থাকিব৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিশেষ শ্রমিক এক্সপ্রেছৰ জৰিয়তে ভিন্ন প্রান্তৰ পৰা এই লোকসকলে যাত্রা কৰিছে যদিও ঘূর্ণী বতাহ ‘উম্পুন’ৰ বাবে ৰে’লসেৱা কিছু বিলম্ব হোৱাত অহা দুদিনৰ ভিতৰত ৰে’লকেইখন অসম আহি পাব৷ এই সময়ছোৱা যথেষ্ট জটিল হোৱাটো নিশ্চিত৷ মন কৰিবলগীয়া যে বিগত দিনকেইটাত বহিঃৰাজ্যৰ পৰা যান–বাহন আৰু পদব্রজে অসমলৈ প্রায় ৪০ হাজাৰ লোকৰ আগমন ঘটিছে৷

এই লোকসকলৰ মাজৰ পৰাই যোৱাকেইদিনত ৯০ শতাংশ ক’ৰোনা আক্রান্ত ৰোগী চিনাক্ত হৈছে৷ সেয়েহে পুনৰ ৰে’লযোগে আহিব লগা যাত্রীসকলক লৈ স্বাস্থ্য বিভাগে আগতীয়াকৈ তৎপৰতা গ্রহণ কৰিছে৷ মন্ত্রী ড০ শর্মাই আজি ইয়াকো উল্লেখ কৰে যে পৰিস্থিতি কঠিন হ’লেও বহিঃৰাজ্যৰ পৰা অহা লোকসকলক চম্ভালিবলৈ স্বাস্থ্য বিভাগ আৰু আৰক্ষী সকলো ধৰণে সষ্টম৷ ইতিমধ্যে এই লোকসকলৰ বাবে সোণাপুৰৰ লক্ষীবাঈ ষ্টেডিয়াম, কাঁহিকুছিৰ এছ আই আৰ ডি কমপ্লেক্সত কোৱাৰেণ্টাইনৰ ব্যৱস্থা আৰু স্বাস্থ্য পৰীক্ষাৰ সকলো প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ ইফালে আজি ঘৰুৱা বিমানসেৱা আৰম্ভ হোৱাৰ পাছত অসমলৈ কেইবাখনো বিমানৰ জৰিয়তে যাত্রীৰ আগমন ঘটিছে৷ সমান্তৰালকৈ অহাকেইদিনত ৰে’লযোগে বহিঃৰাজ্যৰ লোকসকল আহি পোৱাৰ পাছত পৰিস্থিতিৰ জটিলতা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আজি বহিঃৰাজ্যৰ পৰা আহিব খোজা লোকসকলক অহা ১০ জুনৰ পূর্বে অসমত প্রৱেশ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়– যিসকল লোকে নিৰাপত্তা বিচাৰি অসমলৈ আহিব বিচাৰিছে, তেওঁলোকে ১০ জুনৰ পূর্বে অসমত প্রৱেশ কৰক৷ ১০ জুনৰ পাছত এই লোকসকলক স্বাস্থ্য পৰীক্ষা তথা কোৱাৰেণ্টাইনৰ সকলো প্রক্রিয়া ৩০ জুনৰ ভিতৰত সম্পূর্ণ কৰি স্বাস্থ্য বিভাগে ক’ৰোনাৰ এই প্রক্রিয়াটো সম্পন্ন কৰিব বিচাৰিছে৷ ৩০ জুনৰ পাছত ৰাজ্য চৰকাৰৰ বিভাগসমূহ বানক লৈ ব্যস্ত হ’ব লাগিব৷ সেয়েহে এই প্রক্রিয়া ৩০ জুনৰ ভিতৰত সম্পূর্ণ হ’লে সকলোৰে বাবে ইতিবাচক হ’ব৷

You might also like