নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ ত ১০০ খন আসন দখল কৰি পুনৰ শাসনলৈ আহিব বিজেপি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ “আমি ৰাজ্যত শান্তি আৰু প্ৰগতি বিচাৰো । যোৱা ১০ , ১১ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ৰাজপথত ৰেলিং ভাঙিং, কলাক্ষেত্ৰত ৰাজহুৱা সামগ্ৰী বিনষ্ট কৰি, বিজেপিৰ সাংসদ-মন্ত্ৰীসকলৰ গৃহত শিল দলিয়াই একাংশই ভাবিছিল বিজেপি শেষ হৈ যাব । কিন্তু জাগীৰোডৰ এই গণসভাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে বিজেপিক কোনেও শেষ কৰিব নোৱাৰে ।” – বৃহস্পতিবাৰে জাগিৰোডত বিজেপিৰ ঐক্য সমদলত অংশগ্ৰহণ কৰি এই মন্তব্য বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ।

ইপিনে এই সভাত উদাত্ত ভাষণ প্ৰদান কৰি ড০ শৰ্মাই লগতে কয় যে- যিসকলে বিজেপি ধ্বংস হোৱাৰ সপোন দেখিছে, তেওঁলোকে শুনি লওক যে ২০২১ চনত বিজেপিয়ে ১০০ খন আসন দখল কৰি পুনৰ বাৰ অসমত চৰকাৰ গঠন কৰিব ।

আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তি বৰ্ষ ২০১৪ চন হোৱাৰ কাৰণো ৰাইজৰ আগত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে- ২০১৪ চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু ১৪ ৰ পিছত কোনো এটা সীমান্তই দি পৰুৱা এটাও অসমত প্ৰৱেশ কৰিব পৰা নাই, যাৰ বাবে ১৪ ৰ পিছত কোনো লোককে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব নালাগে ।

লগতে মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থকা ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি অহা এটা বছৰ সকলোৱে একেলগে উন্নয়নৰ বাবে কাম কৰাৰ কথাও প্ৰতিশ্ৰুতি দিয়ে ।

বিজেপিৰ ঐক্য সমদল

ইপিনে জাগিৰোড পেপাৰ মিলৰ সমস্যাকে ধৰি অসমৰ প্ৰতিটো সৰু-বৰ সমস্যা সমাধান কাৰাৰ বিষয়েও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে দেশত ৰাষ্ট্রীয় নাগৰিকত্ব আইন গৃহিত হোৱাৰ পিছত অসমত সৃষ্টি হোৱা অশান্তি দূৰীকৰণৰ বাবে অসমত এক শান্তি স্থাপনৰ উদ্যেশ্যে শাসকীয় দলে অসমৰ বিভিন্ন প্রান্তত উলিয়াইছে শান্তি সমদল ৷

You might also like