২০ দিনৰ পাছত অসমত হ্রাস পাব ক’ৰোনা আক্রান্তঃ মন্ত্ৰী হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বার্তা, ২৭মেঃ দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পাছত এতিয়া অসমৰ বাবে ক’ৰোনা সংক্রমণৰ হটস্পট ৰূপে পৰিগণিত হৈছে মহাৰাষ্ট্র৷ বিশেষকৈ মহাৰাষ্ট্রৰ কুলাবা নামৰ অঞ্চলটোৰ পৰাই এতিয়া ক’ৰোনা বিভীষিকা নামি আহিছে অসমৰ হোজাই জিলালৈ৷ উল্লেখ্য যে ৰাজ্যখনৰ ক’ভিড–১৯ আক্রান্তৰ ক্ষেত্রত দ্বিতীয় স্থানত থকা হোজাই জিলাৰ ৯০ শতাংশ আক্রান্তই মুম্বাইৰ পৰা আহি কোৱাৰেণ্টাইনত থকা লোক বুলি চিনাক্ত হৈছে৷
আনহাতে, ৰাজ্যৰ ক’ৰোনা আক্রান্তৰ শীর্ষ স্থানত থকা গোলাঘাট জিলাৰ সর্বাধিক আক্রান্তৰ সংযোগো এতিয়া ৰাজ্যত সামাজিক সংক্রমণ প্রতিৰোধ কৰিব পৰা যাব৷ ১০–১৫ জুনলৈ এই অৱস্থা অব্যাহত থাকিব৷ বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব খোজা ২ লাখ লোকে নাম পঞ্জীয়ন কৰিছে৷ ইয়াৰে ১ লাখ লোক ইতিমধ্যে অসমত প্রৱেশ কৰিছে৷ অহা সময়ছোৱাত আন ১ লাখ লোক আহি আছে৷ এই লোকসকলক সঠিকভাৱে স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেণ্টাইন কৰিলে
অসমৰ পৰিস্থিতি জটিল নহ’ব৷ ইফালে, বহিঃৰাজ্যৰ পৰা অহা একাংশ লোক আৰু নিজামুদ্দিন ফেৰৎ কিছুসংখ্যক জামাতীয়ে সামাজিক দূৰত্ব উলংঘা কৰি স্বাস্থ্য বিভাগৰ বাবে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে৷ এইসকল লোকক লৈ কঠোৰ হোৱাৰ ইংগিত দিছে স্বাস্থ্য বিভাগে৷ সামাজিক দূৰত্ব মানি নচলা এই লোকসকলৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– সামাজিক দূৰত্ব উলংঘা কৰা এইসকল লোকক ১৪ দিনৰ পৰিৱর্তে ২৮ দিন কোৱাৰেণ্টাইন শিবিৰত ৰাখিব লাগিব৷
মন কৰিবলগীয়া যে গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত নিজামুদ্দিন ফেৰৎ প্রায় ৪০০ জামাতীক কোৱাৰেণ্টাইন কৰা হৈছে৷ শেহতীয়াকৈ এই কোৱাৰেণ্টাইন শিবিৰৰ দুজন লোক ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে৷ লোক দুজনক কালি চিকিৎসালয়লৈ নিয়াৰ সময়তে শিবিৰত থকা বহুকেইজন জামাতীয়ে একগোট হৈ বিদায় জনায়৷ সামাজিক দূৰত্ব উলংঘা কৰি এনেদৰে ক’ৰোনা আক্রান্ত দুজনৰ গাত গা লগাই বিদায় জনোৱা কার্যক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ কোৱাৰেণ্টাইন কেম্পত এনে দায়িত্বজ্ঞানহীন কার্যই স্বাস্থ্য বিভাগকো বিমোৰত পেলাইছে৷ সমান্তৰালভাৱে সৰুসজাইৰ কোৱাৰেণ্টাইন শিবিৰতো হোজাইৰ পৰা অহা আন একাংশই একগোট হৈ আড্ডা মৰা চিচি টিভি কেমেৰাত ধৰা পৰিছে৷
মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– কোৱাৰেণ্টাইন শিবিৰ আৰু বানপীড়িত শিবিৰৰ মাজত পার্থক্য আছে৷ এই কথা সকলোৱে বুজা উচিত৷ তদুপৰি প্রতিবাদ যদি কৰে ব্যক্তিগতভাৱে কৰক, সামাজিকভাৱে প্রতিবাদ কৰিবলৈ ওলাই আহিলে সামাজিক দূৰত্ব উলংঘন হ’ব৷ গতিকে এইসকল লোকক অনিচ্ছা সত্ত্বেও ১৪ দিনৰ পৰিৱর্তে ২৮ দিন কোৱাৰেণ্টাইন কৰিব লাগিব৷ উল্লেখ্য যে ৰাজ্যত হঠাতে বৃদ্ধি হোৱা ক’ৰোনা আক্রান্তৰ অধিকাংশই হ’ল কোৱাৰেণ্টাইন শিবিৰত থকা লোক৷
বিষয়টো সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে যে কোৱাৰেণ্টাইন শিবিৰত সোমোৱাৰ ১০ ঘণ্টা পূর্বেই এজন লোকৰ ছোৱাব সংগ্রহ কৰা হয়৷ অর্থাৎ কোৱাৰেণ্টাইন শিবিৰত এতিয়ালৈ কোনো লোক আক্রান্ত হোৱা নাই৷ ১০ ঘণ্টাৰ পূর্বে ছোৱাব লোৱা হেতু নিশ্চিতভাৱে লোকজন শিবিৰৰ বাহিৰত অথবা আন ক’ৰোবাত আক্রান্ত হৈছে৷ এতিয়ালৈ পজিটিভ হোৱা পাঁচ শতাধিক লোক বাহিৰত আক্রান্ত হৈছে৷ মন্ত্রীগৰাকীয়ে আজি ৰাজ্যৰ শিক্ষানুষ্ঠানৰ হোষ্টেলসমূহ কোৱাৰেণ্টাইন শিবিৰৰ বাবে খালী কৰিবলৈ দিয়া জাননীক লৈ সৃষ্টি হোৱা বিতর্ক সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰে৷ তেওঁ কয়– পৰিৱেশৰ লগত সকলোৱে মিলামিছা কৰিবলৈ গুৱাহাটী আই আই টিয়েও তেওঁলোকৰ গেষ্ট হাউছ আৰু হোষ্টেল আমাৰ বাবে এৰি দিছে৷ কাছাৰ জিলাত বেছি হোটেল নাই, এনে অৱস্থাত প্রশাসনে হোষ্টেলসমূহ কোৱাৰেণ্টাইন শিবিৰৰ বাবে অধিগ্রহণ কৰিবলৈ বাধ্য৷ গুৱাহাটীত হোটেল যথেষ্ট আছে বাবে আমি এতিয়ালৈকে শিক্ষানুষ্ঠানৰ হোষ্টেলত মানুহ ৰখা নাই৷ কিন্তু পৰিৱেশ সলনি হ’লে আমাক বেয়া পাব নালাগে৷