নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসংক্রামক ৰোগত অভাৱনীয়ভাৱে বৃদ্ধি মৃত্যুৰ হাৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : বিশ্বজুৰি অসংক্রামক ৰোগ পংগুত্ব তথা মৃত্যুৰ প্রধান কাৰণ হৈ পৰিছে৷ মানুহৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে অসংক্রামক ৰোগত৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই আজি প্রকাশ কৰা প্রতিবেদন অনুসৰি, দুখীয়া তথা উন্নয়নশীল দেশসমূহত প্রতি ১০গৰাকী মৃতকৰ ৯গৰাকীয়েই আক্রান্ত অসংক্রামক ৰোগত৷ ১৯৪খন দেশৰ তথ্য সংগ্রহ কৰি বিশ্ব স্বাস্থ্য সংস্থাই এই প্রতিবেদন যুগুতাইছে৷ উল্লেখনীয় যে মাত্র নির্দিষ্ট কাৰণৰ বাবে এই ৰোগত আক্রান্ত নহয় ৰোগী৷ দীর্ঘদিনীয়াকৈ স্বাস্থ্য ক্ষেত্রত আহি পৰা সমস্যাৰ বাবে জটিল অসংক্রামক ৰোগত আক্রান্ত হ’বলগীয়া হয় মানুহ৷ ইয়াৰ বাবে প্রয়োজন হয় দীঘলীয়া চিকিৎসা তথা শুশ্রূষা৷ কর্কট, মৃগী, হূদৰোগ, হাড়ৰ জড়তা, মধুমেহ আদি বিভিন্ন ৰোগক অসংক্রামক ৰোগ হিচাপে চিহ্ণিত কৰা হয়৷ বহু অসংক্রামক ৰোগৰ পৰা মানুহে আৰোগ্য লাভ কৰাৰ উপৰি ৰোগ প্রতিৰোধ কৰিব পৰা যায় যদিও এসময়ত এই ৰোগেই আক্রান্ত লোকজনৰ মৃত্যুৰ কাৰণ হৈ পৰে৷ সুৰাপান, ধঁপাত, অস্বাস্থ্যকৰ খাদ্য গ্রহণ কৰাৰ উপৰি বহু লোকে প্রয়োজনীয় শাৰীৰিক অনুশীলন নকৰাৰ বাবে অসংক্রামক ৰোগ হৈ পৰিছে মৃত্যুৰ প্রধান কাৰণ৷ উল্লেখনীয় যে কর্কট ৰোগত বছৰি বিশ্বৰ প্রতি ৬জন লোকৰ এজনৰ মৃত্যু হয়৷ প্রতি বছৰে অসংক্রামক ৰোগত ১৭ নিযুত লোকৰ অকাল মৃত্যু হয় বুলিও হুৰ প্রতিবেদনত প্রকাশ পাইছে৷

You might also like