নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো চুক্তিৰ পাচতেই অহা ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছে বিজয় উৎসৱ । এই বিজয় উৎসৱত ভাগ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি আটাইবোৰ বড়ো সংগঠনৰ নেতৃত্বই ।

মঙলবাৰে কোকৰাঝাৰত উপস্থিত হৈ বিজয় উৎসৱৰ প্ৰস্তুতি সম্পৰ্কত বুজ লয় ৰাজ্যৰ বিত্ত, স্বাস্থ্য , শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কোকৰাঝাৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অহা ৭ তাৰিখে কোনোধৰণৰ বন্ধ ঘোষণা নকৰিবলৈ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া আৰু অবড়ো দল-সংগঠনক আহ্বান জনায় ।

উল্লেখ্য যে, ঐতিহাসিক বড়ো চুক্তিৰ পাচতেই অবড়ো সকলৰ মাজত দেখা দিয়া শংকা নিৰ্মূলৰ উদ্দ্যেশ্যে অহা ১২-১৩ ফেব্ৰুৱাৰীত অবড়ো দল-সংগঠনৰ সৈতে এক বৈঠকত বহিব বুলিও উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like