নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে নিশা পুনৰ ৰাজ্যত নতুনকৈ ৩ জনৰ দেহত COVID-19 পজিটিভ পোৱা যায় । যাৰ পাছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে ।

ইপিনে নতুনকৈ আক্ৰান্ত লোককেইজনৰ ভিতৰত ২ জন আক্ৰান্ত লোক দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি জানিব পৰা গৈছে । নতুনকৈ আক্ৰান্ত ৩ জন লোক ক্ৰমে কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য আৰু মৰিগাঁৱৰ বুলি প্ৰকাশ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like