নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ নিৰ্মাণ হ’ব ১৯ খন কেন্সাৰ হাস্পতাল

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আজি ৭২৮ গৰাকী ষ্টাফ নাৰ্ছ আৰু ৪০০ গৰাকী ছাৰ্ভেলেন্স কৰ্মীক নিযুক্তি পত্ৰ প্ৰদান কৰে অসম চৰকাৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্যচৰকাৰৰ বিত্ত-স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে ২০২৫ চনৰ ভিতৰত অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন জিলাত একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্য ৰাখিছে বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই ।

আনহাতে ৰাজ্যত নতুনকৈ ১৯ খন কেন্সাৰ হাস্পতাল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে ইয়াৰে ৯ খন হাস্পতাল অতি শীঘ্ৰেই মুকলি কৰা হ’ব ।

You might also like