গোৱালপাৰাৰ ৰাক্ষসিনীত বন্যহস্তীৰ আক্ৰমণত নিহত ১
গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসীনি দ্বিতীয় খণ্ডত আজি কাহিলিপুৱা বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয়। নিহত মহিলাগৰাকীৰ নাম স্বৰস্বতী শীল।
জানিব পৰা মতে, বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া বন্যহস্তী এটাই গাঁৱখনত নিশাৰে পৰা সন্ত্ৰাস চলাই আহিছিল। আজি পুৱা হঠাৎ মহিলাগৰাকীয়ে থকা বাসগৃহত উপদ্ৰৱ চলায় বন্যহস্তীটোৱে।
ইফালে বন্যহস্তীৰ উপদ্ৰৱ দেখি ঘৰৰ পৰা পলায়ন কৰিব খোজতেই বন্যহস্তীয়ে আক্ৰমণ কৰে মহিলাগৰাকীক। ফলত থিতাতে নিহত হয় মহিলাগৰাকী। পাছত ঘটনাস্থলীত মৰনৈ আৰক্ষীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই পূৱ গোৱালপাৰা আৰু দুধনৈ অঞ্চলত অকলশৰীয়া হাতী এটাই উপদ্ৰৱ চলাই আহিছে ।
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ২ মে’