নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় অবিহনে নাই দুয়ো দলৰ গত্যন্তৰ, IPL-ত আজি সমুখসমৰত মুম্বাই-চেন্নাই

IPL ২০২৬ৰ ৪৪ নম্বৰখন মেচখন চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত শনিবাৰে সন্ধিয়া ৭:৩০ বজাৰ পৰা চেন্নাইত খেল অনুষ্ঠিত হ’ব। মুম্বাইয়ে চেন্নাইৰ গৃহভূমিত জয় লাভ কৰিব নে চেন্নাইয়ে নিজৰ মাটিত দুটা পইণ্ট দখল কৰিব— এই লৈ যথেষ্ট ৰোমাঞ্চ দেখা গৈছে।

CSK আৰু MI দুয়ো দলেই IPL ইতিহাসৰ আটাইতকৈ সফল দলসমূহৰ ভিতৰত অন্যতম। দুয়োটা দলে ৫টাকৈ মুকুট জয় কৰিছে। যদিও চলিত ছিজনত দুয়ো দলৰ প্ৰদৰ্শন বিশেষ সন্তোষজনক হোৱা নাই।

CSKয়ে ৮খন মেচৰ ভিতৰত ৩খনত জয় লাভ কৰি ৬ পইণ্টেৰে পইণ্ট তালিকাৰ সপ্তম স্থানত আছে। প্লে-অফলৈ আগবাঢ়িবলৈ হ’লে বাকী থকা ৬খন মেচৰ ভিতৰত অন্ততঃ ৫খন জয় কৰিব লাগিব। সেয়ে নিজৰ গৃহভূমিত CSKয়ে এই মেচত জয়ৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব।

MIৰ অৱস্থা CSKতকৈও বেছি দুর্বল। ৮খন মেচত মাত্ৰ ২খন জয় লাভ কৰি দলটো বৰ্তমান নৱম স্থানত আছে। যদিও MIয়ে অতীততো এনে অৱস্থাৰ পৰা উভতি আহি প্লে-অফত স্থান দখল কৰাৰ অভিজ্ঞতা আছে। এইবাৰো প্লে-অফলৈ যাবলৈ হ’লে বাকী থকা ৬খন মেচ সকলোতে জয় লাভ কৰিব লাগিব, আৰু তাৰ আৰম্ভণি CSKৰ বিৰুদ্ধে কৰিব লাগিব।

ছিজনৰ আৰম্ভণিৰ মেচত মুম্বাইয়ে নিজৰ গৃহভূমিত CSKৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিছিল। সেয়ে এইবাৰ সেই পৰাজয়ৰ প্ৰতিশোধ ল’বলৈও দলটো প্ৰস্তুত। আনহাতে ধোনী আৰু ৰোহিতে খেলিব নে নেখেলিব—এই সন্দৰ্ভত অনুৰাগীৰ মাজত যথেষ্ট উৎকণ্ঠা দেখা গৈছে।

সামগ্ৰিকভাৱে, এইখন মেচ দুয়োটা দলৰ বাবে ‘ডু অ’ৰ ডাই’ পৰিস্থিতিৰ দৰে, য’ত জয় লাভেই প্লে-অফৰ আশা জীয়াই ৰাখিব।

ডিজিটেল ডেস্ক, ২ মে’

You might also like