নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কান্দি কান্দি লাডাখৰ সংঘর্ষস্থলীলৈ ৰাওনা চীনা সেনা

ভাৰতীয় সেনাৰ বীৰত্বক লৈ শংকিত পিএলএ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  লাডাখৰ এল এ চিত চীন–ভাৰতৰ সেনাৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে সীমান্তত মোতায়েন কৰা চীনা সেনাৰ ক্রন্দনৰত ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ চীনৰ পি এল এ আৰু ভাৰতীয় সেনাৰ বীৰত্বক লৈ চর্চিত গাঁথাৰ সময়তে সীমান্তৰ বিবদমান অঞ্চলত মোতায়েন কৰা চীনৰ সেনাই কান্দি থকা ভিডি’ ছ’চিয়েল মিডিয়াত ব্যাপক চর্চিত হৈছে৷ নিজৰ কর্তব্য সমাপন কৰিবলৈ বিবদমান অঞ্চললৈ ধাৱমান চীনৰ পি এল এই কান্দি কান্দি গান গাই থকা ভিডিঅ’টোত প্রকাশ পাইছে৷ ক্রন্দনৰ সমান্তৰালকৈ পি এল এৰ জোৱানকেইজনে দেশখনৰ সামৰিক সংগীত ‘গ্রীন ফ্লাৱার্ছ ইন দ্য আর্মী’ পৰিৱেশন কৰিছে৷ ভাৰতৰ বিৰুদ্ধে চীনে দুঃসাহস কৰি লাডাখত সংঘর্ষৰ সূত্রপাত ঘটোৱাৰ পাছত পি এল এৰ জোৱানক লাডাখলৈ পঠিওৱাত তেওঁলোক যে অসন্তুষ্ট, সেয়া ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে৷ সীমান্তত ভাৰতীয় সেনাৰ সৈতে মোকাবিলা কৰিবলৈ যুৱ পি এল এ জোৱানক মোতায়েন কৰাত সেইসকল জোৱান ভাৰতীয় জোৱানৰ বীৰত্বক লৈ শংকিত হৈয়েই কান্দি থকা বুলি চর্চিত হৈছে৷ টাইৱান নিউজত প্রকাশ কৰা মতে, ফুয়াং চিটী উইকলীৰ উইছাট পেজত পি এল এৰ জোৱানৰ ভিডিঅ’টো প্রচাৰৰ পাছতে আলোড়ন সৃষ্টি হোৱা সেই ভিডিঅ’টো পিছলৈ আঁতৰাই দিয়ে যদিও ইতিমধ্যে ভিডিঅ’টো বিশ্বৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷

তাৎপর্যপূর্ণ যে টাইৱান নিউজত প্রকাশ কৰা মতে নতুনকৈ সীমান্তৰ বিবদমান অঞ্চললৈ প্রেৰণ কৰা পি এল এ জোৱানসকলৰ অধিকাংশই কলেজীয়া শিক্ষার্থী৷ এই কলেজীয়া শিক্ষার্থীসকলে লাডাখৰ সীমান্তত তিব্বতক স্বেচ্ছাসেৱকৰ ৰূপত সেৱা কৰি আছিল৷ তেনে অৱস্থাতে চীনে এই শিক্ষার্থীসকলক পি এল এত অন্তর্ভুক্ত কৰি লাডাখৰ বিবদমান অঞ্চললৈ প্রেৰণ কৰে৷ চীন চৰকাৰৰ এই সিদ্ধান্তত যুৱ পি এল এ জোৱানকেইজন অসন্তুষ্ট হোৱাৰ কাৰণ এয়েই যে তেওঁলোকে ভাৰতীয় সেনাৰ বীৰত্ব ভালকৈ জানে৷ কিয়নো যোৱা ১৫ জুনত লাডাখৰ গালৱানত চীনা সৈন্যৰ আক্রমণত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ বিপৰীতে ইয়াৰ দুগুণ সংখ্যক চীনা সৈন্য নিহত হৈছিল৷ বেইজিঙে আনকি পৰিয়ালৰ লোকক সেই সন্দর্ভত কোনো তথ্যও যোগান ধৰা নাছিল৷ সীমান্তত ভাৰতীয় সেনাৰ যুদ্ধংদেহি মনোভাব প্রকট হৈ থকাত যুৱ পি এল এৰ জোৱান শংকিত হোৱাটো স্বাভাৱিক বুলি চর্চা হৈছে৷ এই ভিডিঅ’টো সন্দর্ভত বেইজিঙে অৱশ্যে বিপৰীত ভাষ্য প্রদান কৰিছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছত প্রকাশ পোৱা মতে, লাডাখৰ বিবদমান অঞ্চললৈ কর্তব্যৰ বাবে জোৱানসকল ৰাওনা হোৱাৰ সময়ত পৰিয়ালৰ লোকৰ পৰা বিদায় লওঁতে এই ভিডিঅ’টো ৰেকর্ড কৰা হৈছিল৷

You might also like