নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইম মেগাজিনৰ ১০০ প্রভাৱশালী ব্যক্তিৰ তালিকাত মোদী

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ   দেশক নেতৃত্ব বহনকাৰীৰ পৰা শিল্পীলৈকে, সমাজকর্মীৰ পৰা বিজ্ঞানীলৈকে প্রতিবছৰে বিশ্বৰ সবাতোকৈ প্রভাৱশালী ব্যক্তিৰ তালিকা প্রকাশ কৰি অহা টাইম মেগাজিনে ২০২০ বর্ষৰ তালিকা আজি ঘোষণা কৰিছে৷ বর্ষটোৰ সবাতোকৈ প্রভাৱশালী ১০০ ব্যক্তিৰ তালিকাত ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্র মোদীসহ পাঁচ ভাৰতীয়ই স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ তালিকাত স্থান লাভ কৰাসকলৰ ভিতৰত প্রধানমন্ত্রী মোদীৰ উপৰি আছে বলীউডৰ অভিনেতা আয়ুস্মান খুৰানা, ভাৰতীয় মূলৰ লণ্ডনস্থিত চিকিৎসক ৰবীন্দ্র গুপ্তা, এলফাবেট আৰু গুগলৰ চি ই অ’ সুন্দৰ পিছাই আৰু ‘কা’বিৰোধী আন্দোলনৰ কেন্দ্রবিন্দু হৈ পৰা শ্বাহিনবাগৰ ‘দাডি’ বিলকিছ৷ প্রতিবছৰে টাইম মেগাজিনে বিশ্বৰ দেশসমূহৰ শাসক, শিল্পী, বিজ্ঞানী, সমাজকর্মী আৰু উদ্যোগীৰ মাজৰ পৰা ১০০ সবাতোকৈ প্রভাৱশালী ব্যক্তিৰ তালিকা বিভিন্ন সমীক্ষাৰ জৰিয়তে প্রকাশ কৰে৷ এইবেলি ২০২০ বর্ষৰ ১০০ সবাতোকৈ প্রভাৱশালী ব্যক্তিৰ তালিকাত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ কর্মদক্ষতা অথবা এন ডি এ চৰকাৰৰ সফলতাৰ বাবে অন্তর্ভুক্ত হোৱা নাই৷ অন্তর্ভুক্ত হৈছে বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশখনৰ মুছলিম সম্প্রদায়ক লক্ষ্য কৰি লোৱা অভিযোগৰ ভিত্তিত কার্ল বিক নামৰ লেখক এজনৰ প্রবন্ধৰ আধাৰত৷ টাইমৰ কৰেছপণ্ডেণ্টে এই কথা প্রকাশ কৰিছে৷

আনপিনে, বলীউডত চিৰাচৰিত নায়কৰ চৰিত্রৰ বিপৰীতে বিভিন্ন অগতানুগতিক চৰিত্রৰে দেশবাসীৰ হূদয় জয় কৰাৰ লগতে ছুপাৰহিট ছবি উপহাৰ দিয়া আয়ুস্মান খুৰানাক তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷ ২০১২ চনত বিকি ডনাৰ ছবিৰে বলীউডত আত্মপ্রকাশ কৰা আয়ুস্মান খুৰানাই ‘দম লাগা কে হেইছা’, ‘বেৰেইলি কী বৰফি’, ‘শুভ মংগল সাবধান’, ‘বধাই হো’, ‘আর্টিকুল ১৫’, ‘ড্রিমগার্ল’ আদি ছবিৰে চলচ্চিত্র জগতত প্রতিষ্ঠা লাভ কৰিছে৷ ৩৬ বছৰীয়া আয়ুস্মান খুৰানা বলীউডত আত্মপ্রকাশ কৰাৰ পূর্বে আৰ জে আৰু ভি জে হিচাপে জনপ্রিয়৷ ইপিনে, হিউমেন ইমুন’ডেফিচিয়েন্সী ভাইৰাছ অথবা এইচ আই ভি গৱেষণাৰ অন্যতম নেতৃত্ব বহনকাৰী ভাৰতীয় মূলৰ চিকিৎসক অধ্যাপক ৰবীন্দ্র গুপ্তায়ো প্রভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে৷ তেনেদৰে এলফাবেট আৰু গুগলৰ চি ই অ’ সুন্দৰ পিছাই তালিকাভুক্ত হৈছে৷

উল্লেখ্য যে বিশ্বৰ ১০০ সবাতোকৈ প্রভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে ‘কা’বিৰোধী আন্দোলনকাৰী শ্বাহিনবাগৰ ‘দাডি’ বিলকিছে৷ ‘কা’বিৰোধী আন্দোলনৰ কেন্দ্রবিন্দু হৈ পৰা নতুন দিল্লীৰ শ্বাহিনবাগৰ প্রতিবাদক আগবঢ়াই নিয়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা ৮২ বছৰীয়া বিলকিছে তালিকাত স্থান লাভ কৰিছে৷ শ্বাহিনবাগৰে বাসিন্দা ৮২ বছৰীয়া বিলকিছে এহাতে প্রার্থনা আৰু আনখন হাতত ৰাষ্ট্রীয় পতাকা লৈ পুৱা ৮ বজাৰ পৰা নিশালৈকে প্রতিবাদ কৰি ‘কা’বিৰোধী কণ্ঠ হিচাপে দেশজুৰি চর্চিত হৈছিল৷ লেখক আৰু সাংবাদিক ৰাণা আয়ুবে টাইম মেগাজিনৰ লেখাত বিলকিছক ভাৰতৰ উপান্ত কণ্ঠ হোৱা বুলি উল্লেখ কৰিছিল৷ তালিকাত পাঁচগৰাকী ভাৰতীয়ই স্থান লাভ কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং, জার্মানী নেতা উর্ছুলা ভন ডাৰ লেয়েন, ব্লেক লাইভছ মেটাৰৰ প্রতিষ্ঠাতা এলিছিয়া গার্জা, পেট্রিছ কুলর্ছ আৰু অ’পেল টমেটী, আলিবাবা গ্রুপৰ চি ই অ’ ডেনিয়েল ঝাং, সংগীতজ্ঞ মেগান ডি ষ্টেলন, টেনিছ তাৰকা নাওমী অ’ছাকা, গায়িকা ছেলেনা গ’মেজ আদি আছে৷

You might also like