নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঢকুৱাখনা জাতীয় বিদ্যালয়ে এইবাৰো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিগত বছৰবোৰৰ দৰে এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ পৰা এশ শতাংশই উত্তীৰ্ণ হৈ ঢকুৱাখনাৰ লগতে শিক্ষানুষ্ঠানখনলৈ সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ মুঠ ২৯জন পৰীক্ষাৰ্থীৰ ৩জনে ডিষ্টিংচন, ৮জনে ষ্টাৰ নম্বৰসহ মুঠ ১৮জনে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ডিষ্টিংচন লাভ কৰা শিক্ষাৰ্থীকেইগৰাকী হ’ল পৰিণীতা দত্ত (মুঠ প্ৰাপ্ত নম্বৰ ৫৩৫), স্নেহময়ী দত্ত (৫৩১) আৰু অত্রি ওমপ্ৰিয়া কেশৱ (৫১১) । অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ ভিতৰত ২৩জনে ইংৰাজীত, ৭জনে অসমীয়াত, ১জনে সাধাৰণ গণিতত, ১৭জনে সাধাৰণ বিজ্ঞানত, ১৭জনে সমাজ বিজ্ঞানত, ৪জনে উচ্চ গণিত আৰু ১জনে গণিতত লেটাৰ নম্বৰ পাইছে। শিক্ষানুষ্ঠানখনৰ এনে ধাৰাবাহিক সফলতাত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে আনন্দ প্ৰকাশ কৰিছে৷
প্ৰেৰক পুলকজ্যোতি বৰা