নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত প্ৰখৰ ৰ’দত ৰাইজৰ মাজত ভাষণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

🔹 প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান মন্ত্ৰী হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : ৰূপহীহাটৰ লাওগাঁও হাইস্কুল খেলপথাৰত আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ আজি মন্ত্ৰী পীয়ূষ হাজৰিকাক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত ৷ মন্ত্ৰীগৰাকীয়ে ষ্টেজৰ সলনি ভাষণ দিলে প্ৰখৰ ৰ’দত খেলপথাৰত মানুহৰ মাজত গৈ ৷ কাৰণ সাধাৰণ মানুহ প্ৰখৰ ৰ’দত আছে, গতিকে মানুহৰ লগত মন্ত্ৰীগৰাকীয়ে ছাঁ সলনি ৰ’দত ভাষণ প্ৰদান কৰিলে ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ কেইদিনমান বাকী থাকোঁতে নগাঁও লোকসভাত চলিছে পীয়ূষ-প্ৰদ্যুতৰ বাকযুদ্ধ ৷ এইবাৰ প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ৷ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰিছিল নে নাই, তাক লৈ প্ৰদ্যুৎ বৰদলৈক কামাখ্যা মন্দিৰত শপত খাবলৈ প্ৰত্যাহ্বান জনায় মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like