নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰতাক নেওচি মেট্ৰিকত উজলিল ধমধমাৰ ফাৰহানা

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : দৰিদ্ৰতা কোনো ক্ষেত্ৰতে বাধা হ’ব নোৱাৰে, তাকেই প্ৰমাণ কৰি দেখুৱালে ধমধমাৰ ছাত্ৰীয়ে৷ নাম ফাৰহানা ইয়াচমিন৷ কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফাৰহানাই আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ ৮৭.৬৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ধমধমাৰ গড়ভিতৰ গাঁৱৰ আব্দুৰ ৰৌউফৰ কন্যা ফাৰহানাই দৰিদ্ৰতাৰ সৈতে যুঁজি নিজকে জিলিকাই তুলিলে৷ পিতৃ আব্দুৰ ৰৌউফে ধমধমাৰ বিদ্যুৎ বিভাগত হাজিৰাভিত্তিক কাম কৰি পৰিয়ালটোক কোনোমতে পোহপাল দি আহিছে যদিও ফাৰহানাক পঢ়াৰ ক্ষেত্ৰত দিব পৰা নাছিল পৰ্যাপ্ত সুবিধা৷ এটা জুপুৰিত দিন অতিবাহিত কৰা ফাৰহানাই অব্যাহত ৰাখিছিল অধ্যয়ন৷ এখন পঢ়া টেবুলো যোগাৰ কৰি দিব নোৱাৰা পিতৃৰ চকুত আজি আনন্দৰ জোৱাৰ৷ ফাৰহানাই অসমীয়া বিষয়ত ৮০, ইংৰাজীত ৮৮, গণিত বিষয়ত ৮৫, বিজ্ঞানত ৮০, সমাজ বিজ্ঞানত ৯৩, ঐশ্চিক গণিতত ১০০ নম্বৰ লাভ কৰে৷ আনহাতে, ধমধমা আদৰ্শ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী ফাৰহানাই বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছিল৷ কিয়নো গড়ভিতৰ-ধমধমা সংযোগী পথৰ দুৰৱস্থাৰ পিছতো নিতৌ বিদ্যালয়লৈ আহিছিল ফাৰহানাই৷ পাঠ্যপুথিৰ অধ্যয়নৰ সমান্তৰালকৈ বিভিন্ন বিষয়ৰ পুথি অধ্যয়নত ব্যস্ত থাকে ফাৰহানাই৷ যাৰ বাবে বিগত বৰ্ষত নলবাৰী জিলা শিক্ষা বিভাগৰ পৰা শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা লাভ কৰিছিল ফাৰহানাই৷ তদুপৰি জিলা আৰু আঞ্চলিক ভিত্তিত ভালেসংখ্যক বঁটা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে এইগৰাকী মেধাৱী ছাত্ৰীয়ে৷ বিজ্ঞান বিষয়ত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰীগৰাকীয়ে৷ পিছে এইক্ষেত্ৰত ছাত্ৰীগৰাকীক চৰকাৰ তথা দল-সংগঠনে কিদৰে সহায়ৰ হাত আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব৷

 

প্ৰেৰক জেহেৰুল ইছলাম

You might also like