নিয়মীয়া বাৰ্তা, ২৬ মেঃ এসময়ত ধুবুৰী কিয় বিখ্যাত বুলিলে প্ৰথমেই উচ্চাৰিত হোৱা ধুবুৰীৰ জুইশলা কাৰখানাটো এতিয়া হৈ পৰিল ইতিহাসৰ এখিলা পাত। কিয়নো জানিব পৰা মতে, বহুজাতিক কোম্পানী আইটিচি লিমিটেডে নিজৰ অধীনত থকা ধুবুৰীৰ সেই জুইশলা কাৰখানাটোৰ মুঠ ভূমিৰ ১১০ বিঘা ভূমি সম্প্ৰতি গুৱাহাটীৰ কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ্চ কোম্পানী নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানক বিক্ৰী কৰিছে। ইয়াৰ ল’গে ল’গে যতি পৰে জুইশলা কাৰখানাটো কাৰ্য্যক্ষম কৰাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰা ধুবুৰীকে ধৰি পশ্চিম অসমৰ সৰ্বসাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া আশাৰো। উল্লেখ্য যে, প্ৰতিদিন নিশা ১০টা আৰু পুৱা ৬ বজাত কাৰখানাটোৰ কৰ্মীৰ কৰ্তৱ্য সলনি হোৱাৰ সময়ত বজা “চাইৰণ”ৰ ধ্বনিৰ সৈতে এসময়ত ওতপ্ৰোত এক সম্পৰ্ক আছিল ধুবুৰীৰ জনজীৱনৰ। অৱশ্যে ১৯৯৭ চনতেই বন্ধ হৈ পৰাৰ পিছত বিগত প্ৰায় ২৬ বছৰে কাৰখানাটোৰ পৰা ভাঁহি অহা নাই চাইৰেণৰ সেই ধ্বনি; আগলৈ গৈ নাবাজিব সেয়া আৰু কেতিয়াও। উল্লেখ্য যে, ১৯২৫ চনত ধুবুৰী চহৰৰ এম.কো. ৰোড অঞ্চলত ১৩২ বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো৷ এছাম মেচ কোম্পানী (Assam Match Company) চমুকৈ এ.এম.চি. নামৰ প্ৰখ্যাত চুইডিছ কোম্পানীয়ে ধুবুৰীৰ এই জুইশলা কাৰখানটোৰ উপৰিও মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাতো স্থাপন কৰিছিল অনুৰূপ ৪টাকৈ কাৰখানা৷ চৰ্চিত এয়াও যে কোম্পানীটোৰ এই পাঁচটা কাৰখানাৰ ধুবুৰীৰ জুইশলা কাৰখানাটো আটাইতকৈ লাভদায়ক আছিল৷ ধুবুৰীৰ এই জুইশলা কাৰখানাটোত জড়িত হৈ আছিল আঢ়ৈ হাজাৰৰ অধিক লোক। ১৯৭৯ চনত জাথানী গ্ৰুপ অৱ ইন্ড্ৰাষ্টিজ (Jathani Group of Industries) নামৰ আন এটা কোম্পানীয়ে এ.এম.চি.ৰ ধুবুৰী, মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাৰ জুইশলা কাৰখানা কেইটা ক্ৰয় কৰিছিল। এই জুইশলা কাৰখানা কেইটাক WIMCO নামেৰে নতুন নামাকৰণ কৰিছিল জাথানী কৰ্তৃপক্ষই। একাংশৰ দাৱীনুসৰি এসময়ত ধুবুৰীৰ জুইশলা কাৰখানাটোৰে মুনাফাৰে কোম্পানীটোৰ মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাৰ জুইশলা কাৰখানা কেইটাৰ ঘাটি মাৰা হৈছিল৷ ১৯৮৮ চনত জাথানী কৰ্তৃপক্ষই অত্যাধুনিক যন্ত্ৰাংশ ব্যৱহাৰ কৰিলে অধিক কৰ্মীৰ প্ৰয়োজন নাই এই যুক্তিৰে ধুবুৰীৰ জুইশলা কাৰখানাটোৰ বহু কৰ্মী ছাটাই কৰিছিল। কিন্তু বাস্তৱত কোম্পানীটোৱে কোৱা ধৰণে কাৰখানাটোৰ যন্ত্ৰাংশৰ আধুনিকীকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। স্থানীয় একাংশৰ ভাষ্য অনুসৰি, তেতিয়াৰ পৰাই মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল ধুবুৰীৰ জুইশলা কাৰখানাটোৰ । ইফালে ১৯৯৩ চনত দেশৰ সৰ্বোচ্চ ন্যয়ালয়ে গছ কটাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা জাৰী কৰিছিল৷ ফলত স্বাভাৱিক ভাৱেই তাৰ প্ৰভাৱ পৰিছিল দেশৰ বিভিন্ন জুইশলা কাৰখানাৰ লগতে ধুবুৰীৰ কাৰখানাটোৰ ওপৰতো৷ ফলত জুইশলা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠৰ চাহিদাৰ অভাৱৰ বাবেই ১৯৯৭ চনত জুইশলা কাৰখানাটো বন্ধ হৈ পৰিছিল৷ উল্লেখনীয় যে, বন্ধ হোৱাৰ পিছত সেই সময়ত ধুবুৰীত কৰ্মৰত একাংশ প্ৰশাসনিক বিষয়াক মেনোজ কৰি কিছু মূল্যৱান যন্ত্ৰাংশ জুইশলা কাৰখানাটোৰ পৰা বহিঃৰাজলৈ লৈ যোৱাৰো এক অভিযোগো শুনিবলৈ পোৱা যায় কাৰখানাটোৰ একাংশ প্ৰাক্তন কৰ্মীৰ মুখত। পিছলৈ গৈ ২০০১ চনত আইটিচি লিমিটেডে ক্ৰয় কৰিছিল বন্ধ হৈ থকা ধুবুৰীৰ এই জুইশলা কাৰখানাটোত বিশাল ভূমি। ইপিনে নিৰ্বাচন আহিলেই বিভিন্ন ৰাজনৈতিক দলে ধুবুৰীৰ জুইশলা কাৰখানাটোৰ নাম উচ্চাৰিত কৰাপোৱা যায় যদিও নিৰ্বাচনৰ পিছত জুইশলা কাৰখানাটোক পুনৰ কাৰ্য্যক্ষম কৰাৰ বাবে ৰাইজক দিয়া বিভিন্ন প্ৰতিশ্ৰুতি অসাৰৰূপে প্ৰতিপণ্ণ হোৱাটো পৰিণত হৈছে এক গতানুগতিক নিয়মৰূপেই । ধুবুৰীৰ এক দীঘলীয়া এক ইতিহাসৰ সাক্ষী, প্ৰাকস্বাধীনোত্তৰ যুগৰ ইতিহাস গৰকা এই জুইশলাটো পুনৰ্জীৱিত কৰাৰ বাবে দৰাচলতে আজিলৈ কোনো এগৰাকী স্থানীয় নিৰ্বাচিত জনপ্ৰতিনিধিয়ে কোনো প্ৰচেষ্টা নকৰাক কেন্দ্ৰ কৰিও আছে ৰাইজৰ মাজত এক সুপ্ত ক্ষোভও। ইয়াতে উল্লেখনীয় এয়াও যে, ২০১৬ চনৰ ডিচেম্বৰৰ অন্তিম সপ্তাহত গুৱাহাটীত ৰাজ্যৰ তদানীন্তন উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৫০০০ কোটি টকীয়া এক ঔদ্যোগিক উন্নয়ণ প্ৰকল্পৰ কাম হাতত লোৱা বুলি ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকীৰ সেই ঘোষণাত ধুবুৰী জিলাত এটা মৰাপাট ক’ল স্থাপন কৰাৰ বিষয়টোৰ ল’গতে জুইশলা কাৰখানাটোও পুনৰ্জীিৱত কৰাৰ বিষয়টোও স্থান পাইছিল। স্বাভৱিক ভাবেই তদানীন্তন উদ্যোগ মন্ত্ৰীগৰাকীৰ সেই ঘোষণাই ধুবুৰীকে ধৰি পশ্চিম অসমৰ সৰ্বসাধাৰণ ৰাইজক উৎফুল্লিত কৰি তুলিছিল যদিও দিঠকত গৈ সেয়া অসাৰ ৰূপেই প্ৰতিপন্ন হৈছিল। আনকি ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলেও সমষ্টিবাসীক ধুবুৰীৰ জুইশলা কাৰখানাটোৰ ভূমিত এক উদ্যোগ স্থাপন কৰাৰো দিছিল প্ৰতিশ্ৰুতি। উল্লেখ্য যে, কেৱল ধুবুৰীৰেই নহয়, পশ্চিম অসমৰ ৰাইজৰ আৱেগৰ সৈতে জড়িত হৈ থকা এই জুইশলা কাৰখানাটোৰ ভূমি গোপনে বিক্ৰী কৰাৰ ঘটনাই বৃহত্তৰ এই অঞ্চলটোত এক ঋণাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাটো কিন্তু প্ৰায় নিশ্চিত। এনে প্ৰেক্ষাপটত সমগ্ৰ বিষয়টো লৈ তথা ধুবুৰী তথা পুৰণি গোৱালপাৰা জিলাৰ প্ৰাকস্বাধীনোত্তৰ যুগৰ এক দীৰ্ঘ গৰিমাময় ইতিহাসৰ সাক্ষী ধুবুৰীৰ এই জুইশলা কাৰখানাটো পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাক্ষ হস্তক্ষেপ কৰাটো কামনা কৰিছে এতিয়া বহুতেই।