নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী খাৰঘুলিৰ জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ২৬ মেঃ কালি গুৱাহাটীৰ খাৰঘুলিত খোৱাপানী যোগান প্ৰকল্প এটিৰ ভয়ংকৰ পাইপ বিস্ফোৰণ সংঘটিত হৈছিল। সেই দুৰ্ঘটনাটোৰ ফলত সংঘটিত ভয়াৱহ পৰিস্থিতিৰ আজি বুজ ললে কৃষিমন্ত্ৰী তথা কামৰূপ (মহানগৰ) জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। তেওঁ ঠাইডোখৰ পৰিভ্ৰমণ কৰি কয় যে এই অবাঞ্ছিত দুৰ্ঘটনাটোৱে সৃষ্টি কৰা পৰিস্থিতি অতি দুখজনক। সেয়ে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ সবিশেষ বুজ লওঁ। লগতে মন্ত্ৰীগৰাকীয়ে ঘটনাটোত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুওৱা সুমিত্ৰা ৰাভাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসক সাক্ষাৎ কৰাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত আৱাসসমূহো পৰিদৰ্শন কৰ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি সমস্ত ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ পাছতে ঘটনাস্থলীৰ সমীপৱৰ্তী প্ৰাথমিক বিদ্যালয়ত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ খোৱা-বোৱা, স্বাস্থ্য সেৱাকে ধৰি অন্যান্য সা-সুবিধাৰ বুজ লোৱাৰ লগতে তেওঁলোকে যাতে পৰ্যাপ্ত পৰিমাণে যাৱতীয় সুবিধা লাভ কৰে, সেয়াও নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকলক নিদেৰ্শনা দিয়ে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী অতুল বৰাৰ পৰিদৰ্শন কালত উপস্থিত থকা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ বিষয়া, জল ব’ৰ্ডৰ বিষয়াৰে বাৰ্তালাপ কৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণৰ নিৰ্দেশ দিয়ে, যাতে ভুক্তভোগী লোকসকলৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। সংশ্লিষ্ট বিভাগে ইতিমধ্যে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে আৰু ভৱিষ্যতে যাতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাৰো অডিট কৰা হ’ব বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয়।
You might also like