নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ-শোণিতপুৰত মিছন বসুন্ধৰা ২.০ৰ অধীনত ১১,৭১৫টা পৰিয়ালক ভূমিপট্টা প্ৰদান

🔹 ড° শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফলত খিলঞ্জীয়া মানুহে আজি সহজতে ভূমি পট্টা পাইছে : মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি জিলা দুখনৰ বিহালী, বিশ্বনাথ আৰু ন-দুৱাৰ বিধানসভা সমষ্টি ভ্ৰমণ কৰি অসম চৰকাৰৰ মিছন বসুন্ধৰা ২.০ৰ অধীনত আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে | প্ৰথমতে মন্ত্ৰী হাজৰিকাই বিহালী সমষ্টিৰ অধীনৰ বৰগাংস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত উপস্থিত হৈ সমষ্টিটোৰ ৩২০৯টা পৰিয়ালৰ মাজত ভূমি পট্টা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে | অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি মাহত তেওঁ দুবাৰৰ পৰা তিনিবাৰ পৰ্যন্ত বিশ্বনাথ আৰু শোণিতপুৰ জিলা ভ্ৰমণ কৰিব লগা হয় | কিন্তু মন্ত্ৰীগৰাকীৰ প্ৰতিটো ভ্ৰমণৰ অন্তৰালতে জনসাধাৰণৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰৰ আন্তৰিক প্ৰয়াসৰ কথা নিহিত হৈ থাকে | মন্ত্ৰীগৰাকীয়ে কয়- “মই প্ৰতিমাহতে বিশ্বনাথ আৰু তেজপুৰলৈ দুই-তিনিবাৰ আহোঁ, কিন্তু ইয়াত এনেই চাহ-ভাত খাবৰ বাবে নাহোঁ, কেতিয়াবা যদি ৰেচন কাৰ্ড বিতৰণৰ বাবে আহোঁ, আন কেতিয়াবা মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা বিতৰণৰ বাবে আহোঁ, বান-খহনীয়া ৰোধৰ কাম কৰিবৰ বাবে আহোঁ, অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়, চিকিৎসালয় আৰম্ভ কৰিবলৈ আহোঁ অথবা ৰাস্তা-পথ নিৰ্মাণ সংক্ৰান্তত আহোঁ |” বিগত তিনিটা বছৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অহৰ্নিশে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে মিছন বসুন্ধৰাৰ অধীনত এই সময়খিনিত প্ৰায় ১১ লাখ পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে | মিছন বসুন্ধৰা ২.০ৰ অধীনত প্ৰায় ২ লাখ ৩০ হাজাৰ পৰিয়ালে এইকেইটা দিনতে ভূমিৰ পট্টা লাভ কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেদৰে জনজাতি, অনুসূচিত জাতিৰ ভূমিপুত্ৰসকলে সহজতে ভূমিৰ পট্টা লাভ কৰিব বুলি আজিৰ পৰা কিছু বছৰৰ আগতে কোনেও ভাবিব পৰা নাছিল | আনহাতে, মাথোঁ আঢ়ৈটা বছৰতে সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে প্ৰায় ৯৫ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰি অসম চৰকাৰে একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে অসমত টকা দি চৰকাৰী চাকৰি লোৱা পৰিৱেশ ড° হিমন্ত বিশ্ব শৰ্মাই নোহোৱা কৰি পেলালে | বিশ্বনাথ আৰু শোণিতপুৰ জিলা দুখনৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাই পাছত ক্ৰমে বিশ্বনাথ আৰু ন-দুৱাৰ সমষ্টিও ভ্ৰমণ কৰে আৰু সমষ্টি দুটাত ক্ৰমে ৩৮০৪ আৰু ৪৭০২টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণ কৰে | দুয়োটা সমষ্টিতে ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত মন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাম আৰু আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে | গুৱাহাটীৰ পৰা বিহালী সমষ্টিৰ বৰগাঙলৈ ৰাস্তা মসৃণ হোৱাৰ ফলত এতিয়া মাথোঁ তিনি ঘণ্টাৰ ভিতৰতে যাত্ৰা সম্ভৱ হৈ উঠা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া অসমৰ সকলো ফালেই বাট-পথৰ অৱস্থা উন্নত হৈছে | আগতে ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিজা পুঁজিৰে দলং নিৰ্মাণৰ কল্পনাও কৰিব পৰা নাছিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলংখন সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ পুঁজিৰে কৰা হৈছে | গুৱাহাটীৰ চাৰিওদিশে ’ৰিং ৰোড’ নিৰ্মাণৰ লক্ষ্যৰে ইতিমধ্যে প্ৰায় ১০০০০ কোটি টকাৰ প্ৰকল্পৰ বাবে টেণ্ডাৰ প্ৰক্ৰিয়াও আৰম্ভ হোৱা বুলি তেওঁ প্ৰকাশ কৰে |

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে অসমতো প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ অধীনত প্ৰায় ১২০০০০০ কৃষক উপকৃত হ’বলৈ সক্ষম হৈছে | অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাগি লাগি কৃষকৰ সুবিধাৰ বাবে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত ন্যূনতম সমৰ্থন মূল্য কাৰ্যকৰী কৰি তুলিছে | আনহাতে, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই, অৰুণোদয়, মিছন ভূমিপুত্ৰ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, মেডিকেল কলেজ নিৰ্মাণ আদি জনকল্যাণমূলক আঁচনি আৰু কামৰ মাজেৰে ৰাজ্য চৰকাৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনক বিগত তিনিটা বৰ্ষত নতুনকৈ প্ৰাণ প্ৰদান কৰিছে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে | মিছন বসুন্ধৰা ২.০ৰ অধীনত জিলা দুখনত ভূমি পট্টা প্ৰদানৰ আজিৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু পদ্ম হাজৰিকাৰ লগতে জিলা দুখনৰ আয়ুক্ত আৰু আন বিষয়াসকলে সংগ দিয়ে |

You might also like