নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ কনভয়ত শৌচাগাৰ সংলগ্ন বাহন

🔹 নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱহাৰৰ বাবে এই ভ্ৰাম্যমাণ শৌচালয়

বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : এক ভ্ৰাম্যমাণ শৌচালয়ক লৈ দিছপুৰত সকলোৰে মাজত কৌতূহলৰ সৃষ্টি হৈছে। শৌচাগাৰ সংলগ্ন বাহনখনক লৈ সকলোৰে মাজত চৰ্চা চলা দেখা গৈছে। জানিব পৰা মতে, এই শৌচাগাৰ সংলগ্ন বিশেষ বাহনখন অনা হৈছে বদৰুদ্দিন আজমলৰ বাবে। সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বতৰত প্ৰচাৰৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিব মৌলানা বদৰুদ্দিন আজমল। সেই সময়তে এই ভ্ৰাম্যমাণ শৌচালয় আজমলৰ কনভয়ৰ লগে লগে ঘূৰিব। লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰাৰ্থিত্বপ্ৰয়াসীসকলেও বিভিন্ন উপায়েৰে সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নমা পৰিলক্ষিত হৈছে। এই সময়তে আজমলৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱহাৰৰ বাবে অনা এই শৌচাগাৰ সংলগ্ন বাহনখনে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

You might also like