নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ বছৰ ধৰি আত্মীয়ক বলাৎকাৰ

🔹 অভিনেতা-প্রযোজক মনোজ ৰাজপুতক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : ১৩ বছৰ ধৰি বিবাহপাশত আবদ্ধ হোৱাৰ প্রলোভনেৰে আত্মীয়ক বলাৎকাৰ কৰাৰ অভিযোগত ছত্তিশগড়ৰ অভিনেতা-পৰিচালক–প্রযোজক মনোজ ৰাজপুতক আজি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৷ দুর্গ জিলাত থকা কার্যালয়ৰ পৰা অভিনেতাজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে ২৯ বছৰীয়া মহিলা এগৰাকীয়ে পুৰণি ভিলাই ৰে’লৱে আৰক্ষী থানাত অভিনেতা মনোজ ৰাজপুতৰ বিৰুদ্ধে বিগত ১৩ বছৰ ধৰি বিয়াৰ প্রলোভনেৰে বলাৎকাৰ কৰাৰ অভিযোগ দাখিল কৰাৰ পিছতে থানাখনৰ ভাৰপ্রাপ্ত বিষয়াই অভিনেতাজনক গ্রেপ্তাৰ কৰিছে৷ অভিনেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে৷

You might also like