ডিজিটেল ডেস্ক, ৰূপহীহাট, ২ জুলাই : ৰূপহীহাটত নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সুৰজ দত্তই আজি পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি ফাকলিত নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে অভিযান চলায়।
আৰক্ষীৰ অভিযানত ধানৰ মিলত লুকুৱাই ৰখা ১২২টা কফ ছিৰাপৰ বটলৰ সৈতে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীজনৰ নাম আনোৱাৰ হুছেইন। ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে।