নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টলৈ ৰাজ্যত ২–৩ শতাংশলৈ হ্রাস পাব ক’ভিড সংক্রমণ

২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত মৃত্যু ৬জনৰঃ আক্রান্ত ২,৬৭৯

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ ৰাজ্যত ক’ৰোনাৰ সংহাৰী ৰূপ অব্যাহত আছে৷ প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাই আহিছে৷ আজি পুনৰ ক’ৰোনাত আক্রান্ত হৈ ৬জন লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত্যু হোৱা লোককেইজন হ’ল– ধুবুৰী জিলাৰ প্রণৱ কুমাৰ আগৰৱালা (৫৭), কোকৰাঝাৰ জিলাৰ সীতা দেৱী (৫৬), ডিব্রুগড় জিলাৰ ৰেণু গগৈ (৬০), কাছাৰ জিলাৰ সমৰ দেৱ (৬১), নগাঁও জিলাৰ আব্দুল গফুৰ (৬৮) আৰু কামৰূপ মহানগৰ জিলাৰ নীলমণি চক্রৱর্তী (৬৯)৷ ইয়াকে লৈ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি পালে৷ ইফালে, ২৪ ঘণ্টাত ২,৬৭৯জন লোক ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে৷

শুকুৰবাৰে সমগ্র ৰাজ্যত ৫৮,৫৩১জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল৷ এই লোকসকলৰ মাজৰ পৰা ২,৬৭৯জন পজিটিভ বুলি চিনাক্ত হয়৷ আক্রান্তৰ হাৰ ৪.৫৭ শতাংশ৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা তথ্য অনুসৰি, আক্রান্তসকলৰ ৪৪২জন কামৰূপ মহানগৰ জিলাৰ, ২৬৫জন কামৰূপ জিলাৰ, ২৫০জন কাছাৰ জিলাৰ আৰু ১৭২জন নগাঁও জিলাৰ৷ এই সংখ্যাৰে মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা ৫৫,৪৯৬লৈ বৃদ্ধি পালে৷ আনহাতে, আজি বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হোৱা ১,৫৮৫জন লোকক ৰিলিজ দিয়া হয়৷ এই সংখ্যাৰে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩৮,৮০৯লৈ বৃদ্ধি পালে৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ১৬,৫৫২জন লোক৷

ইফালে, ৰাজ্যত দ্রুতগতিত বৃদ্ধি হৈ থকা ক’ৰোনা আক্রান্তৰ সংখ্যা ১৫ আগষ্টৰ পাছত হ্রাস পাব৷ আনকি আক্রান্তৰ হাৰ ২–৩ শতাংশলৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই  এই সম্ভাৱনাৰ কথা ব্যক্ত কৰি প্রকাশ কৰা মতে, শেহতীয়াকৈ ৰাজ্যৰ প্রতিখন জিলাতে ৰেপিড এণ্টিজেন টেষ্টৰ পৰীক্ষা বৃদ্ধি কৰা হেতু আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে৷ কিন্তু অহা কেইদিনমানৰ ভিতৰতে আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ মন্ত্রীগৰাকীয়ে ইয়াকো কয় যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে অসমত ১৫ আগষ্টৰ পাছত ক’ৰোনা আক্রান্তৰ সংখ্যা ৭১,৪৯৭জনলৈ বৃদ্ধি হ’ব বুলি এক সমীক্ষাত প্রকাশ কৰিছে৷ কিন্তু এই সংখ্যা এনেধৰণে বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই৷ তাৰ পৰিৱর্তে আক্রান্তৰ সংখ্যা এই সময়ছোৱাত ৬০ হাজাৰৰ পৰা ৬৫ হাজাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ মন্ত্রীগৰাকীয়ে ইয়াকো কয়– প্রতিদিনে ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰা হেতু আক্রান্ত লোকক চিনাক্ত কৰিবলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগ৷ এইসকল লোকক সময়ত চিনাক্ত নকৰিলে সংক্রমণ বৃদ্ধিৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ৰেপিড এণ্টিজেন টেষ্টৰ সংখ্যা ক্রমাৎ বৃদ্ধি কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত গুৱাহাটীত ১৫ হাজাৰ লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ ৰাজ্যত আক্রান্তৰ হাৰ কিছু তাৰতম্য হৈছে যদিও মে’–জুন মাহতকৈ আক্রান্তৰ সংখ্যা যথেষ্ট হ্রাস হৈছে৷ যোৱা এমাহত আক্রান্তৰ হাৰ আছিল ৩৫ শতাংশ৷ আনহাতে, বুধবাৰে আক্রান্তৰ হাৰ ৩.৮৬, বৃহস্পতিবাৰে ৪.২৫ আৰু শুকুৰবাৰে আক্রান্তৰ হাৰ ৪.৫৭ শতাংশ হৈছে৷ ইয়াৰ বিপৰীতে ডিব্রুগড় জিলাত বৃহস্পতিবাৰলৈ আক্রান্তৰ হাৰ আছিল ১০.৭৫ শতাংশ, তিনিচুকীয়া জিলাত ৯.২৬ শতাংশ, কামৰূপ মহানগৰ জিলাত ৪.৪ শতাংশ, নগাঁও জিলাত ৮.৮ শতাংশ, কাছাৰ জিলাত ৮.৪৭ শতাংশ আৰু যোৰহাট জিলাত ৩.৫৬ শতাংশ৷ ইফালে, ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে আজি বৰাকৰ উদাৰবন্দ সমষ্টিৰ বিধায়ক মিহিৰ কান্তি সোম পজিটিভ চিনাক্ত হৈছে৷ ইয়াৰ পূর্বে বিধায়ক কৃষ্ণেন্দু পাল, বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, নাৰায়ণ ডেকা, বলীন চেতিয়া, নৱনীতা সন্দিকৈ ক’ৰোনাত আক্রান্ত হৈছিল৷
দেহৰক্ষীৰ দেহত মাৰাত্মক ভাইৰাছ, বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ বাসগৃহ কনটেইনমেণ্ট জ’ন ঘোষণা
নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ তিনিজনকৈ নিৰাপত্তাৰক্ষী ক্রমে নকুল শর্মা, ভৱেন্দ্র সন্দিকৈ আৰু ৰজনী দাসৰ দেহত ক’ভিড ১৯ পজিটিভ পোৱা গৈছে৷ এই ঘটনাৰ পাছতেই নাজিৰা প্রশাসনৰ তৰফৰ পৰা শুকুৰবাৰে দেৱব্রত শইকীয়াৰ বাসগৃহৰ উপৰি তেওঁৰ ঘৰৰ দাঁতিতে থকা দদায়েকৰ পুত্র তথা ভাতৃ পলাশপৱন শইকীয়াৰ বাসগৃহও কনটেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়৷ উল্লেখ্য যে পলাশপৱন শইকীয়া বিজেপিৰ এজন প্রভাৱশালী নেতা৷ ভাতৃ পলাশপৱন শইকীয়াৰ পৰিয়ালৰ ভুলৰ বাবেই বিধায়ক তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ ঘৰৰ লগতে তেওঁৰ ভাতৃ পলাশপৱন শইকীয়াৰ ঘৰ কনটেইনমেণ্ট জ’ন হ’ল বুলি প্রতিক্রিয়া প্রকাশ কৰিছে বিৰোধী দলপতিজনে৷

You might also like