১৫ ছেপ্টেম্বৰলৈকে বৃদ্ধি শিক্ষকৰ ক’ভিড টেষ্টৰ সময়সীমা
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ শিক্ষকৰ ক’ভিড টেষ্টৰ সময় সীমা বৃদ্ধি। শিক্ষকসকলে ১৫ ছেপ্টেম্বৰৰ ভিতৰত ক’ভিড টেষ্ট কৰিব পাৰিব। যি সকল শিক্ষকৰ নিগেটিভ তেওঁলোক ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়লৈ যাব লাগিব। ১ ছেপ্টেম্বৰৰ পৰা ১৫ দিন বিদ্যালয় সমূহ ছেনিটেজাইচন কৰা হ’ব। ডেস্ক বেঞ্চ সমূহ সামাজিক দূৰত্ব বজাই ৰখা হ’ব। আনহাতে শিক্ষাৰ্থীক বিনামূল্য মাস্ক প্ৰদান কৰা হ’ব। যেতিয়া ছাত্ৰ-ছাত্ৰী সকলে মিডে মিলৰ বাবে বিদ্যালয়লৈ আহিব সেই সময়ত শিক্ষকে দিব শিক্ষাৰ সমল।
আজি জনতা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।