নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান টিংৰাইত মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : দুলীয়াজানৰ টিংৰাই আৰক্ষী চকী এলেকাধীন ২ নং টিংৰাই নেপালী গাঁওৰ এজন যুৱক কালি পুৱাতে মাছ মাৰিবলৈ বুলি ওলাই গৈ আজিলৈকে কোন শুংসূত্ৰ নাই । নিৰুদ্দিষ্ট যুৱকজন স্হানীয় অঞ্চলৰ গিয়াচুদ্দিন আলিৰ পুত্ৰ ৰেহামুদ্দিন আলি (৩২) বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ‍্য অনুসৰি কালি পুৱা প্ৰায় ৬.৩০ বজাত ঘৰৰ সমীপৰে দিহিং নদীত মাছ মাৰিবলৈ ওলাই গৈছিল যুৱকজন । সেইসময়ত নদীৰ সোঁতে যুৱকজনক উটুৱাই নিয়া বুলি প্ৰত‍্যক্ষদৰ্শীৰ ভাষ‍্যত প্ৰকাশ । আনহাতে যুৱকজনে প্ৰাণ বচাবলৈ চিঞৰি সহায় বিচাৰিছিল । ঘটনাৰ সংক্ৰান্তত ডিব্ৰুগড় এছ ডি আৰ এফ বাহিনী আৰু স্হানীয় লোকে কালি পৰাই নদীখনত যুৱকজনৰ সন্ধানত অভিযান চলাই যদিও বাতৰি লিখা পৰৰলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই যুৱকজনৰ ।

You might also like