নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ বাঘচোং আইকাৰ্ডত পঞ্চদশ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

সাতৰ পৰা ন জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ বাঘচোংস্থিত অগ্ৰণী অনুষ্ঠান আইকাৰ্ড, লাইফ প্লাচৰ পঞ্চদশ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ সাত জানুৱাৰীৰ পৰা আৰম্ভ হয়। জেইটিৰ ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণী গীত পৰিৱেশন কৰাৰ পিছতে আইকাৰ্ডৰ সঞ্চালক ফাদাৰ এণ্টঅ থাৰাংকানে আদৰণী ভাষণ প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে এগছিকৈ বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ উদ্বোধনী ভাষণ প্ৰদান কৰে উদ্বোধক অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যাপিকা তথা সাংস্কৃতিক কৰ্মী ইন্দিৰা পাৱ গগৈয়ে ৷ উদ্বোধনী ভাষণত আইকাৰ্ডে  মিচিং জনগোষ্ঠীৰ উন্নতিৰ কাৰণে পোন্ধৰ বছৰে কৰি অহা  প্ৰচেষ্টাৰ শলাগ লয় ৷

অনুষ্ঠানত জেইটি আৰু যুৱ মিচিং শিল্পীসকলে নৃত্য-গীতেৰে সুন্দৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানটিৰ আঁত ধৰে আইকাৰ্ডৰ ৰাজেশ কুলিয়ে ৷ ৮ আৰু ৯ জানুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। মহোৎসৱত সকলোৰে উপস্থিতি  কামনা কৰিছে উদ্যোক্তাই।

নিয়মীয়া বাৰ্তা, চিনামৰা, ৮ জানুৱাৰী :
You might also like