নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত জব্দ হাৰিয়ানাৰ ১৭ গৰু

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত পুনৰ ট্ৰাকত ১৭টা উন্নত প্রজাতিৰ গৰু আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ গোসাঁইগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া মণ্টুৰাম বৰাই সদৰী কৰা মতে, পৰহি নিশা গোসাঁইগাঁও সংলগ্ন ৩১নং ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীৰ নিত্য টহলৰ মাজতে এইচ আৰ ৪৫ চি/৫৭৫৯ নম্বৰ ড্রাক এখনত তালাচী চলাই অবৈধভাৱে সৰবৰাহ কৰা ১৭টা গৰু জব্দ কৰে৷

হাৰিয়ানাৰ পৰা অসমলৈ কঢ়িয়াই অনা উন্নত প্রজাতিৰ গৰুকেইটা সৰবৰাহ কৰাৰ বৈধ নথি–পত্রবিহীনভাৱে ট্ৰাকখনত শিলচৰলৈ কঢ়িয়াই নিয়াৰ পৰিকল্পনা কৰিছিল৷ আনহাতে গৰু কঢ়িয়াই অনা ড্রাকখনৰ চালক–হেণ্ডিমেন ক্রমে হাৰিয়ানাৰ শিৱ কুমাৰ আৰু সুৰেশ কুমাৰক আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like