নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত আন এক ‘দীনবন্ধু’ৰ কৰুণ গাথা, কন্যাৰ সৈতে দৃষ্টিহীনৰ জীৱন সংগ্রাম

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ মানুহজনৰ নাম দীনবন্ধু৷ যিটো নামে হয়তো আপোনাক সোঁৱৰাই দিব পাৰে মধ্যবিত্ত জীৱনৰ সকৰুণ কাহিনীক লৈ প্রয়াত ড০ ভবেন্দ্র নাথ শইকীয়া সৃষ্ট কালজয়ী চৰিত্র ‘দীনবন্ধু’ৰ কথা৷ কিন্তু বাস্তৱ জীৱনৰ এইগৰাকী দীনবন্ধুৰ জীনৱগাথা যেন ড০ শইকীয়াৰ দীনবন্ধুতকৈও কৰুণ৷

অসমৰ নাট্যনগৰী পাঠশালাৰ দীনবন্ধু নামৰ ব্যক্তিগৰাকীৰ সংগ্রাম কাহিনী যেনেদৰে উৎসাহজনক, তেনেদৰে বহুগুণে হূদয়বিদাৰক৷ পাঠশালা নগৰৰ ৰে’লৱে ষ্টেচন পাৰ হৈ ডুবিলৈ যোৱা পথত জীৱন নির্বাহৰ বাবে পদপথৰ দাঁতিত আৰম্ভ কৰিছে এখন পাণদোকান৷ তেওঁ হৈছে এজন দৃষ্টিহীন লোক৷

দুয়োটা চকুৰে দেখা নোপোৱা পাঠশালাৰ তিতকা গৰিয়া গাঁৱৰ অতি দৰিদ্র দীনবন্ধু তালুকদাৰে তিতকা–গাডীসত্র পথৰ দাঁতিত এখন টেবুলত পাণ–তামোলৰ দোকান দি নৱম শ্রেণীত অধ্যয়নৰত একমাত্র কন্যাৰ সৈতে চলাই গৈছে জীৱন সংগ্রাম৷ ৰ’দ–বৰষুণ কাতি কৰি তেওঁ পথৰ দাঁতিতে গ্রাহকক বিশ্বাসত লৈ চলাইছে অতি সামান্য সামগ্রীৰ দোকানখন৷ জন্মগতভাৱে তেওঁৰ এটা চকু বেয়া আাছিল যদিও তেনেদৰে এবছৰ পূর্বলৈকে এজন ঠেলাচালক হিচাপে জীৱন নির্বাহ কৰিছিল দীনবন্ধুই৷

কিন্তু এবছৰ পূর্বে কাম কৰি থকা অৱস্থাত কেনেবাকৈ চকুত বালি সোমাই তেওঁ দুয়োটা চকুৰে একো নেদেখা হৈ পৰে আৰু জীৱিকাৰ একমাত্র সম্বল ঠেলা চলোৱাটো বন্ধ হৈ পৰে আৰু আৰম্ভ কৰে এক অন্য জীৱন সংগ্রাম৷ দুখৰ কথা যে অদ্যাপি চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা দীনবন্ধুৱে অন্ধ হৈও একমাত্র জীৱিকাৰ তাডনাত পথৰ দাঁতিত গ্রাহকক বিশ্বাসত লৈ চলাই গৈছে ব্যৱসায়৷ কাৰণ তেওঁ আকস্মিকভাৱে অন্ধ হৈ পৰাত আনকি চিনি নাপায় টকা৷ হাতেৰে চুই তেওঁ ক’ব নোৱাৰে যে গ্রাহকে দিয়া নোটখন দহটকীয়া নে বিশটকীয়া৷

প্রথমতে এখন ঘুমটিত দোকান আছিল যদিও পথ নির্মাণৰ বাবে দোকানখন ভাঙিবলগীয়া হোৱাত এতিয়া এখন টেবুলত পদপথেই হৈছে দীনবন্ধুৰ সংগ্রামী জীৱনৰ প্রেক্ষাপট৷ এনেদৰে অন্ধ ব্যক্তিগৰাকীয়ে নিজৰ ১৪ বছৰীয়া কন্যাৰ ভৰণ–পোষণৰ দায়িত্ব ল’বলগীয়া হৈছে৷

উল্লেখ্য যে এবছৰ পূর্বে পত্নীক হেৰুৱাই একপ্রকাৰ নিঠৰুৱা হৈ পৰা দৃষ্টিহীন এইগৰাকী ব্যক্তি আন বহুতৰ দৰে সস্তীয়া ভিক্ষাবৃত্তিক আঁকোৱালি নলৈ আত্মসন্মানেৰে জীয়াই থকাৰ বাবে গ্রহণ কৰা এনে মহৎ প্রচেষ্টা সঁচাকৈয়ে শলাগিবলগীয়া৷ অঞ্চলৰ সকলোৱে এতিয়া দীনবন্ধুৰ এনে কার্যক লৈ গৌৰৱ কৰিছে৷ আনহাতে তেওঁৰ এই সকৰুণ জীৱন সংগ্রামৰ পৰা কিছু সকাহ দিয়াৰ স্বার্থত চৰকাৰীভাৱে সাহায্য প্রদান কৰিবলৈ ৰাইজে আহ্বান জনাইছে৷

You might also like