নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত স্বামীয়ে কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰিলে পত্নীক

বিশেষ বাৰ্তা, ৬ জুন : কাৰ্বি আংলঙত সংঘটিত হৈছে এক জঘন্য ঘটনা । নিজ স্বামীয়ে  মৰিয়াই হত্যা কৰে পত্নীক । এই ঘটনা সংঘটিত হৈছে হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি মুণ্ডা গাঁৱত । গাঁওখনৰ জয়ছিং মুণ্ডা নামৰ প্ৰায় ৫০ বছৰীয়া ব্যক্তিজনে নিজ পত্নী মঞ্জু মুণ্ডাক কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ নিশা স্বামী-স্ত্ৰীৰ মাজত কথাৰ কটাকটিৰ পাছত ভয়াৱহ ৰূপ লয় যদিও ওৰে নিশা ঘটনাটো কোনেও গম পোৱা নাছিল । আজি নিজৰ পুত্ৰই পিতৃৰ হাতত মাতৃৰ মৃত্যু হোৱাৰ কথা জানিব পাৰি আৰক্ষীক খবৰ দিয়াত হাওৰাঘাট থানাৰ আৰক্ষীয়ে হত্যাকাৰী জয়ছিং মুণ্ডাক আটক কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । এই জঘন্য হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে ৷

প্ৰেৰক ৰাজু কাঠাৰ

You might also like