ৰাজ্যপালৰ ভাষণৰ বিৰুদ্ধে বিৰোধীৰ প্রতিবাদঃ হাতে হাতে প্লেকার্ড লৈ শ্লোগান
বিধানসভাৰ প্রথম দিনাই উত্তাল পৰিৱেশ
নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে পৰা আৰম্ভ হোৱা অসম বিধানসভা অধিৱেশনৰ প্রথম দিনটোতে বিৰোধীৰ প্রতিবাদেৰে উত্তাল হ’ল সদন৷ ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে আৰম্ভ হোৱা অধিৱেশনৰ প্রথম দিনটোতে ৰাজ্য চৰকাৰৰ দুর্নীতি প্রতিৰোধত ব্যর্থতা, আইন–শৃংখলা অৱনমিত হোৱাৰ অভিযোগেৰে কংগ্রেছ আৰু এ আই ইউ ডি এফে উত্তাল কৰি তোলে সদন৷ ৰাজ্যপাল জগদীশ মুখীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰি এই চৰকাৰখনে দুর্নীতিমুক্ত অসম গঢ়াৰ প্রতিশ্রুতি ৰূপায়ণত সফল হোৱা বুলি উল্লেখ কৰাৰ পাছতে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে ইয়াৰ প্রতিবাদ কৰা আৰম্ভ কৰে৷ বিৰোধীৰ এনে প্রতিবাদৰ পাছতো ভাষণ অব্যাহত ৰখাত কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন, বিধায়ক ৰূপজ্যোতি কুর্মী, আব্দুল ৰছিদ মণ্ডল, কমলাক্ষ দে’ পুৰকায়স্থ, এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলাম, আমিনুল ইছলাম আদি বিধায়কসকলে ৰাজ্যপালৰ ভাষণৰ প্রতিবাদ জনাই অধ্যক্ষৰ সন্মুখলৈ আগবাঢ়ি আহে৷ কংগ্রেছৰ বিধায়কসকলে হাতে হাতে প্লেকার্ড লৈ অসম বচাওক, দুর্নীতি প্রতিৰোধৰ প্রতিশ্রুতিত ব্যর্থ চৰকাৰ, আইন–শৃংখলা নিয়ন্ত্রণত ব্যর্থ চৰকাৰ আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ৷ এনে অৱস্থাত ৮৭ পৃষ্ঠাৰ ৰাজ্যপালৰ ভাষণৰ মাত্র দুটা পৃষ্ঠাহে পাঠ সম্ভৱ হ’ল৷ মাত্র তিনি মিনিট পঢ়িয়েই ভাষণ সামৰিবলৈ বাধ্য হয় ৰাজ্যপালগৰাকী৷ আজি ৰাজ্যপালে বিধানসভাত তেওঁৰ লিখিত ভাষণ দাখিল কৰি ৰাজ্য চৰকাৰে গৃহ, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্রত অভূতপূর্ব সফলতা লাভ কৰা বুলি উল্লেখ কৰে৷
লিখিত ভাষণত ৰাজ্যপালে উল্লেখ কৰে যে এই চৰকাৰে খিলঞ্জীয়া লোকসকলক ভূমিৰ ন্যায্য অধিকাৰ প্রদান কৰাটো নিশ্চিত কৰিবলৈ প্রতিশ্রুতিবদ্ধ৷ ইতিমধ্যে ২৩ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১ লাখ থলুৱা লোকক ভূমিৰ পট্টা বিতৰণৰ কার্যসূচী শুভাৰম্ভ কৰিছে৷ যোৱা চাৰি বছৰত চৰকাৰে ৩.৩৫ লাখতকৈ অধিক ভূমিপট্টা ভূমিহীন পৰিয়ালক প্রদান কৰিছে৷ অসম চুক্তিৰ প্রসংগ উল্লেখ কৰি ৰাজ্যপালে কয় যে অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰখনে এক উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে৷ বাংলাদেশ সীমান্ত ছীল কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ সহযোগত পদক্ষেপ লৈছে৷ অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগৰ চিনস্বৰূপে প্রত্যেক বছৰৰ ১০ ডিচেম্বৰৰ দিনটো শ্রদ্ধাঞ্জলি অনুষ্ঠান হিচাপে পালন কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে৷ ইতিমধ্যে সীমান্তৰ ২৬৩ কিলোমিটাৰৰ ভিতৰত ২১৪.৮৭৫ কিলোমিটাৰ ভূমি সীমাত ২১০.৫৩ কিলোমিটাৰত কাঁটা তাঁৰৰ বেৰ দিয়া হৈছে৷ প্রাথমিক শিক্ষাৰ ক্ষেত্রত চৰকাৰখনে উল্লেখনীয় উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়– বছৰটোত ৰাজ্যখনত তিনিটা নতুন বিদ্যালয়গৃহ, ৬৪৯টা অতিৰিক্ত শ্রেণীকোঠা, ছাত্রীৰ বাবে ৩৫৪টা শৌচাগাৰ, ছাত্রৰ বাবে ৮৭১টা শৌচাগাৰ আৰু ২৬২খন বিদ্যালয়ত ৰেম্প নির্মাণ কৰা হৈছে৷ প্রাথমিক শিক্ষাখণ্ডৰ অধীনত ২০২১ শৈক্ষিক বর্ষৰ বাবে ৪১,৪৮,৮৯৯গৰাকী শিক্ষার্থীলৈ বিনামূলীয়া পাঠ্যপুথি আগবঢ়োৱা হৈছে৷ এই সময়ছোৱাত ১,৩৪১খন ভেঞ্চাৰ নিম্ন প্রাথমিক বিদ্যালয়ৰ ২,৬৩৫টা পদ আৰু ১,৮৬১খন স্বীকৃতিপ্রাপ্ত উচ্চ প্রাথমিক বিদ্যালয়ৰ ৫,৭০৬টা পদৰ প্রাদেশিকীকৰণৰ প্রক্রিয়া আৰম্ভ হৈছে৷ বিগত বর্ষৰ ২৮ আগষ্টত ৫,১৯২গৰাকী টেট উত্তীর্ণ প্রার্থীক নিয়মীয়া খালী পদত শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷
ৰাজ্যৰ সুস্থিৰ বিত্তীয় পৰিস্থিতিৰ প্রসংগ উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে কঠোৰ বিত্তীয় নীতি সত্ত্বেও ৰাজ্যখনে ২০১৯–২০ বিত্তীয় বর্ষত ১,১৯,৭১৫ কোটি টকা ব্যয় পৰিচালনা কৰাত সফল হৈছে৷ বিগত বিত্তীয় বর্ষত ৰাজ্যখনৰ নিজৰ ৰাজহৰ পৰিমাণ ১৬,৫২৯ কোটি টকালৈ বৃদ্ধি পায় আৰু উক্ত বর্ষত লাভ কৰা মুঠ ৰাজহৰ প্রায় ২৬ শতাংশ নিজৰ ৰাজহ আছে৷ চলিত বিত্তীয় বর্ষৰ নৱেম্বৰ পর্যন্ত চৰকাৰে জি এছ টিৰ অধীনত ৪,৬৯৭.১৫ কোটি টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ক’ভিড–১৯ মহামাৰীৰ সময়ত চৰকাৰে ১,৪০৮টা ভেণ্টিলেটৰৰ যাৱতীয় সুবিধাৰ সৈতে ১,০০০ আই চি ইউ বিছনাৰ উপৰি অতিৰিক্ত ১,০০০খন চিকিৎসালয়ত বিছনা সংযোগ কৰিবলৈ আর্থিকভাৱে সক্ষম হৈছে৷ স্বাস্থ্যসেৱাৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে চিকিৎসক–জনসংখ্য্ অনুপাত হ্রাস কৰিবলৈ চৰকাৰখনে পর্যায়ক্রমে সমগ্র ৰাজ্যতে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে৷ সম্প্রীতি ৰাজ্যখনত নতুনকৈ আৰম্ভ কৰা ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি ৭খন পূর্ণ পর্যায়ৰ চিকিৎসা মহাবিদ্যালয়, তিনিখন দন্ত চিকিৎসা মহাবিদ্যালয়, তিনিখন বি এছ চি নার্ছিং কলেজ, তিনিখন ফার্মাচী শিক্ষাৰ প্রতিষ্ঠান আৰু ছখন পেৰামেডিকেল ইনষ্টিটিউট চলি আছে৷ ধুবুৰী, নগাঁও, লখিমপুৰ, কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়াত আন ছখন নতুন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ কাম পূর্ণগতিত চলি আছে৷ এই ছখনৰ উপৰি কৰিমগঞ্জ, বিশ্বনাথ, চৰাইদেউ আৰু গোৱালপাৰাত আন চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল স্থাপনৰ প্রস্তুতি চলিছে৷ গুৱাহাটীত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটকে ধৰি ১০খন কর্কট ৰোগৰ চিকিৎসালয়ৰ নির্মাণকার্য ইতিমধ্যে আৰম্ভ হৈছে৷ জি এম চি এইচত ছুপাৰ স্পেচিয়েলিটী ব্লক ১ৰ নির্মাণকার্য সম্পূর্ণ হৈছে আৰু চলিত বর্ষৰ জানুৱাৰীৰ পৰা সেই ব্লকতে কার্ডি’থ’ৰাচিক এণ্ড নিউৰ’ছায়েন্স চেণ্টাৰৰ কাম–কাজ আৰম্ভ হৈছে৷ গুৱাহাটীত এইমছ স্থাপন অসমৰ স্বাস্থ্যসেৱাৰ বাবে অন্য এক মাইলৰ খুঁটি৷ উচ্চ শিক্ষাৰ ক্ষেত্রত চৰকাৰখনে বিশেষ সাফল্য অর্জন কৰা বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ইতিমধ্যে পাঁচখন আদর্শ স্নাতক মহাবিদ্যালয় নির্মাণ কৰা হৈছে আৰু অন্যান্য তিনিখন আদর্শ স্নাতক কলেজৰ কাম–কাজ বিদ্যায়তনিক বর্ষৰ পৰাই আৰম্ভ হৈছে৷ জ্ঞান দীপিকা আঁচনিৰ অধীনত চৰকাৰখনে ৭,৭২৩.১৩ লাখ টকা মাচুল ৰেহাইৰ বাবে মুকলি কৰি দিছে৷ ইয়াৰ দ্বাৰা ১,৮৯,৪৩৪সংখ্যক ছাত্র–ছাত্রী উপকৃত হৈছে৷ আৱাসী ছাত্রৰ মেছ ফী হিচাপে ৯৩৮.৯৮ লাখ টকা মোকলাই দিয়া হৈছে৷ একেদৰে প্রাক্স্নাতক পর্যায়ৰ পৰা ৬৭,৫৩১গৰাকী ছাত্র–ছাত্রীৰ কিতাপ ক্রয়ৰ অনুদান হিচাপে ৬৭৫.৩১ লাখ টকা মোকলাই দিয়া হৈছে৷ সংখ্যালঘু ছাত্রীৰ জলপানি হিচাপেও চৰকাৰে ১৮.৬৪ লাখ টকা মোকলাই দিছে৷
গৃহ বিভাগৰ কথা উল্লেখ কৰি ৰাজ্যপালে তেওঁৰ ভাষণত উল্লেখ কৰে যে ‘কা’বিৰোধী আন্দোলনৰ সময়ত সমগ্র ৰাজ্যত আইন–শৃংখলা আৰু শান্তি অটুট ৰখাত অসম আৰক্ষীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ হিংসাত্মক প্রতিবাদ প্রতিৰোধৰ উদ্দেশ্যে গঠন কৰা হৈছে বিশেষ তদাৰকী টাস্ক ফ’চ৷ স্মার্ট আৰক্ষী গঢ়াৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এই চৰকাৰে গোলাঘাট জিলাৰ দেৰগাঁৱত এখন বিশ্বমানৰ অসম আৰক্ষী প্রশিক্ষণ একাডেমী নির্মাণত গুৰুত্ব প্রদান কৰিছে৷ ইয়াৰ বাবে ১৬৭ কোটি টকাৰ অনুমোদন জনোৱা হৈছে৷ ৰাজ্যত শান্তি প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে উগ্রপন্থী সমস্যাক মূলসুঁতিলৈ অনাত অসম আৰক্ষী সফল হৈছে৷ চলিত বর্ষত বিভিন্ন উগ্রপন্থী সংগঠনৰ বৃহৎসংখ্যক দুর্ধর্ষ নেতা–কেডাৰে আত্মসমর্পণ কৰিছে৷ বড়ো চুক্তি আছিল এই চৰকাৰৰ অন্যতম সফলতা৷ লোকনির্মাণ বিভাগৰ উন্নয়নৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয় যে প্রধানমন্ত্রীৰ গ্রাম চড়ক যোজনাৰ প্রথম আৰু দ্বিতীয়ৰ অধীনত ২০১৯–২০ বিত্তীয় বর্ষলৈকে ১৯,৪০১ কোটি টকা ব্যয়েৰে ২৮,৭১৮ কিলোমিটাৰ পথৰ কামৰ অনুমোদন লাভ কৰা হৈছে৷ ইয়াৰে ২৬,৩৬৬ কিলোমিটাৰ পথৰ কাম সম্পূর্ণ হৈছে৷ চলিত বর্ষত অসম মালা, কেন্দ্রীয় পথ আন্তঃগাঁথনি পুঁজি, নাবার্ডৰ পুঁজিপ্রাপ্ত আৰ আই ডি এফৰ স্বা–প্রাথমিকতা বিকাশ আদিৰ অধীনত এই চৰকাৰে যথেষ্টসংখ্যক পথ প্রকল্প ৰূপায়ণ কৰিব৷ এই কার্যসূচীৰ অধীনত গ্রহণ কৰা পথসমূহ ক্ষিপ্রগতিত কৰিড’ৰ হিচাপে নির্মাণ কৰা হ’ব৷ গুৱাহাটীৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ নির্মাণকার্য সম্পূর্ণ হৈছে৷ উল্লেখ্য যে চলিত বর্ষত এই চৰকাৰখনে ক’ভিড মহামাৰীৰ সৈতে যুঁজ দি সফল হোৱাৰ লগতে কঠিন পৰিস্থিতিত দৃঢ়তাৰে দুর্যোগৰ মোকাবিলা কৰিবলৈ সমর্থন হৈছে বুলিও আজি ৰাজ্যপালে তেওঁৰ ভাষণত উল্লেখ কৰে৷ আনহাতে, আজি বিধানসভাৰ প্রথম দিনটোত ‘দ্য আছাম মিউনিচিপাল এমপ্লইজ বিল, ২০২১’ উত্থাপন কৰা হয়৷ বিধানসভাত আজি কেইবাটাও বিভাগৰ বার্ষিক প্রতিবেদনসমূহ দাখিল কৰা হয়৷
দেৱব্রত শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা কর্তনঃ ন্যায়ালয়ৰ ৰায়ত সুখী বিধানসভাৰ অধ্যক্ষ
কংগ্রেছৰ কেইবাগৰাকীও বিধায়কে পদত্যাগ কৰাৰ পাছত বিৰোধী দলপতিৰ মর্যাদা হেৰুওৱা কংগ্রেছ নেতা দেৱব্রত শইকীয়াই বিষয়টো সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ওপৰত ন্যায়ালয়ে ৰায়দান কৰি মর্যাদা কর্তনৰ বাবে অধ্যক্ষই দিয়া ৰায় বাহাল ৰাখিছে৷ আজি বিধানসভাত দেৱব্রত শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা কর্তন হোৱাৰ কথা অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে আনুষ্ঠানিকভাৱে অৱগত কৰে৷ পাছত এখন সংবাদ মেলত অধ্যক্ষগৰাকীয়ে কয়– বিৰোধী দলপতিৰ মর্যাদা কর্তনৰ ক্ষেত্রত অধ্যক্ষ হিচাপে তেওঁৰ কোনো অভিপ্রায় নাছিল৷ যোৱা ১ জানুৱাৰীতে এই সন্দর্ভত বিধানসভা সচিবালয়ে প্রস্তুত কৰা ফাইলত চহী কৰা হৈছিল৷ কিন্তু ফাইলটো বহু আগতে পুটআপ কৰা হৈছিল৷ সেই সময়ত বিধানসভাৰ অধিৱেশন চলি আছিল বাবে বিষয়টো মই গুৰুত্ব দিয়া নাছিলোঁ৷ বিষয়টো ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বাবে এই বিষয়ত অধ্যক্ষ হিচাপে মই পদক্ষেপ গ্রহণ কৰা নাছিলোঁ৷ কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বিধানসভাৰ সকলো নীতি–নিয়ম পৰীক্ষা কৰি এই ৰায়দান কৰিছে৷ গতিকে মই ন্যায়ালয়ৰ ৰায়ক লৈ সুখী৷ ইফালে অসম বিধানসভাৰ নতুনকৈ নির্মাণ হৈ থকা ভৱনত কাইলৈ বিধায়কসকলক লগত লৈ অনানুষ্ঠানিকভাৱে প্রৱেশ কৰিব বুলি আজি অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে জানিবলৈ দিয়ে৷ আনহাতে, উচ্চ সদন গঠনৰ ক্ষেত্রত তেওঁ কয়– মই ভাবোঁ উচ্চ সদন গঠনৰ প্রস্তাৱ সংসদে গ্রহণ নকৰিব৷ কিন্তু ইয়াৰ বিকল্প হিচাপে আমি চিন্তা কৰিব পাৰোঁ৷ বিশেষকৈ বিধানসভাত প্রতিনিধি নথকা জনগোষ্ঠীসমূহৰ প্রতিনিধি, মহিলা, একাংশ আইনজ্ঞ বিধানসভালৈ মনোনীত কৰিব পাৰে নেকি, সেই বিষয়টো আলোচনা কৰাৰ প্রয়োজন আছে৷
ৰাজ্যপালে ভাষণত বিভ্রান্তিকৰ তথ্য দিয়াৰ বাবেই কংগ্রেছৰ সদন ত্যাগঃ দেৱব্রত শইকীয়া
ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে আজি সদনত দিয়া ভাষণত ৰাজ্য চৰকাৰখনৰ কাম–কাজ সম্পর্কত বিভ্রান্তিকৰ, অসত্য, মিছা তথ্য দিয়া বাবেই আজি কংগ্রেছে সদন ত্যাগ কৰে৷ কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই সংবাদ মাধ্যমৰ আগত সেই কথা প্রকাশ কৰি কয় যে যোৱা চাৰিটা বছৰত চৰকাৰখনে বাজেটত দিয়া প্রতিশ্রুতিসমূহ পালন কৰা নাই৷ ইয়াৰ বিপৰীতে সদনত ৰাজ্যপাল মুখীয়ে ভাষণত চৰকাৰে প্রতিশ্রুতিসমূহ পালন কৰা বুলি বিভ্রান্তিকৰ, অসত্য, মিছা তথ্য দিছে৷ ক’ভিড সম্পর্কত ৰাজ্যপালে ভাষণত যি উল্লেখ কৰিছে, তাক লৈও কংগ্রেছ সন্তুষ্ট নহয়৷ তেওঁ আৰু কয় যে বাজেটত ঘোষিত প্রতিশ্রুতিসমূহ চৰকাৰখনে পূৰণত ব্যর্থ হৈছে৷ বাজেটৰ ৰাজহ ব্যয় শিতানত ধার্য কৰা পুঁজিৰ ৫০ শতাংশৰো আধিক দা–দৰমহা–পেন্সনত্ ব্যয় হয়৷ ফলত উন্নয়নৰ নামত ব্যয়ৰ পৰিমাণ কমি আহিছে৷ তদুপৰি বাজেটত এক লাখ কোটি টকা, এক লাখ ২০ হাজাৰ কোটি টকা ধার্য কৰি বাজেটৰ আকাৰ বৃদ্ধি কৰা হয় যদিও কার্যতঃ ব্যয় ৬৭ৰ পৰা ৭০ শতাংশহে হৈ আহিছে৷ ২০১৭–১৮ বিত্তীয় বর্ষৰ বাজেটত বৃন্দাবনী বস্ত্র ওভতাই অনাৰ কথা কোৱা হৈছিল৷ কিন্তু বৃন্দাবনী বস্ত্র নাহিল৷ সেইদৰে ব্রহ্মপুত্র খনন কৰি দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণ কৰিব বুলি কৈছিল৷
কিন্তু শেহতীয়াকৈ কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে জনাই দিছে, চৰকাৰৰ তেনে কোনো পৰিকল্পনা নাই৷ জলসম্পদ বিভাগৰ ৱেবছাইটতো ব্রহ্মপুত্র খনন সম্পর্কত কোনো তথ্য নাই৷ বাজেটত ঘোষণা কৰা অনুসৰি জলসিঞ্চন ব্যৱস্থাও হৈ নুঠিল৷ সংখ্যালঘু অধ্যুষিত অঞ্চলত স্থাপন কৰিবলগীয়া ৯খন মহিলা কলেজ হৈ নুঠিল৷ গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বাজেটত চাৰিখন বৃহৎ আঁচনি লোৱাৰ বিষয়ে উল্লেখ কৰে৷ সেই আঁচনি বিশেষকৈ জাইকাৰ আঁচনিখন ২০১৮–১৯ৰ বিত্তীয় বর্ষৰ ভিতৰত সম্পূর্ণ কৰাৰ প্রতিশ্রুতি দিছিল৷ কিন্তু সেয়া হৈ নুঠিল৷ অসমৰ কৃষকৰ পৰা নূ্যনতম সমর্থন মূল্যত চৰকাৰে ধান ক্রয়ৰ কথা কৈছিল৷ সেই প্রতিশ্রুতিও পূৰণ নহ’ল৷ ইমানেই নহয়, চৰকাৰখনে বিভিন্ন সময়ত ঋণ লৈ আহিছে আৰু সেই ঋণ অনুৎপাদনশীল কামত ব্যয় কৰি আহিছে৷ মুঠতে ৰাজ্যপালে ভাষণত চৰকাৰখনৰ ভুল প্রতিচ্ছবি এখনহে দাঙি ধৰিছে৷ সেয়ে বিৰোধী দল কংগ্রেছে আজি ৰাজ্যপালৰ ভাষণ বর্জন কৰি সদন ত্যাগ কৰে৷ সেইদৰে বিধায়ক ৰকিবুল হুছেইনে চৰকাৰখনৰ কাম–কাজৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰখনে বিৰোধীৰ মুখামুখি হোৱাৰ সাহস নাই বাবেই এইবাৰ কম দিনৰ বাবে বিধানসভাৰ অধিৱেশন পাতিছে৷ ইপিনে দেৱব্রত শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা কর্তনৰ প্রতিবাদত কংগ্রেছ আৰু এ আই ইউ ডি এফ দলে আজি ৰাজ্যপালৰ সন্মানার্থে আয়োজন কৰা চাহ মেলো বর্জন কৰে৷ উল্লেখ্য যে বৃহস্পতিবাৰে সদনত ৰাজ্যপালে ভাষণ প্রদান কৰাৰ সময়ত কংগ্রেছৰ সদস্যসকলে হাতে হাতে বেনাৰ, প্লে–কার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে আৰু তেনে প্রতিবাদী ৰূপেৰে সদনৰ পৰা ওলাই আহে৷