নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হুইল চেয়াৰ আৰু বিছনাত ৰুদ্ধ হৈ গ’ল সিহঁতৰ জীৱনৰ গতি

যোৱা কেইমাহমান ধৰি ‘আমাৰ অসম’ৰ পৃষ্ঠাত আপোনালোকে এনে কেইজনমান ডেকা–গাভৰুৰ নামৰ লগত পৰিচিত হৈছে– যিবোৰৰ জীৱনৰ গতি অকালতে ৰুদ্ধ হৈ গ’ল হুইল চেয়াৰ আৰু বিছনাত৷ তেওঁলোকৰ নামবোৰ এতিয়া আপোনালোক সকলোৱেই জানে৷ গতিকে মই নামবোৰ উল্লেখ নকৰোঁ৷ কিন্তু মই আপোনালোকক সুধিব খোজোঁ– সিহঁতৰ অভিশপ্ত জীৱনৰ মর্মন্তুদ কৰুণ কাহিনীয়ে আপোনালোকৰ হূদয় কিমান গভীৰভাৱে স্পর্শ কৰিছে?
দুখ আৰু যন্ত্রণাৰ ব্যক্তিগত অভিজ্ঞতা নথকা মানুহৰ কাৰণে আনৰ দুখ–যন্ত্রণাৰ প্রতি সহানুভূতি অনুভৱ কৰাটো খুব সহজ কথা নহয়৷ এইখিনিতে মই আপোনালোকক এটা সত্য কাহিনী কৈ শুনাব খোজোঁ৷ এদিন এজন এস্কিম’ৱে (উত্তৰ মেৰুৰ বাসিন্দা) তেওঁৰ সাত বছৰীয়া পুতেকক লগত লৈ মাছ মাৰিবলৈ গৈছিল৷ বৰফত পিছলি পৰি ল’ৰাটোৰ ভৰিৰ হাড়ভাগিল৷ সি যন্ত্রণাত চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷ অসহায়ভাৱে পুতেকৰ যন্ত্রণাকাতৰ অৱস্থা চাই থকাৰ বাহিৰে আন একো কৰিবলৈ মানুহজনৰ উপায় নাছিল৷ আনহাতে, পুতেকৰ কান্দোন শুনি থকাটোও তেওঁৰ পক্ষে অসহ্য হৈ পৰিছিল৷ পুতেকে কিমান যন্ত্রণা পাইছে সেই কথা নিজে অনুভৱ কৰিবলৈ তেওঁ হাতত থকা দাখনেৰে ঘপিয়াই নিজৰ ভৰি এখন কাটি পেলালে৷ এইবাৰ তেওঁৰ চকুৰ পৰা সৰসৰকৈ চকুপানী ওলাবলৈ ধৰিলে৷ তেওঁ কিন্তু নিজৰ যন্ত্রণাত কন্দা নাছিল তেওঁ কান্দিছিল নিজৰ যন্ত্রণাৰ সহায়েৰে পুতেকৰ যন্ত্রণা অনুভৱ কৰি৷
কল্পনা কৰিবলৈ চেষ্টা কৰকচোন– পখিলাৰ দৰে নাচি ফুৰা এজনী ধুনীয়া ছোৱালীয়ে মাত্র বাইশ বছৰ বয়সতে এদিন বিছনাৰ আশ্রয় ল’ব লগা হ’ল৷ তাই পৃথিৱীত যিমান দিন থাকিব, সিমান দিনলৈকে তাই বিছনাৰ পৰা উঠি থিয় হোৱা দূৰৰ কথা, বহা দূৰৰ কথা, আনৰ সহায় নোলোৱাকৈ তাই ইকাতি–সিকাতি পর্যন্ত হ’ব নোৱাৰে৷ আনৰ সহায় নোহোৱাকৈ তাই অতি গোপনীয় প্রাকৃতিক কর্মখিনিও কৰিব নোৱাৰিব৷ বিছনাত শুই থকা অৱস্থাতে এফালৰ পৰা তাইৰ শৰীৰটো মৰি আহিছে৷ কিন্তু মৃত্যু তাইৰ ওচৰলৈ সহজে আৰু সোনকালে নাহে৷ মেকুৰীয়ে নিগনিটোক মৰাৰ আগতে তাৰ লগত নিষ্ঠুৰ ধেমালি কৰাৰ দৰে মৃত্যুৱেও তাইৰ লগত ধেমালি কৰি থাকিব দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি৷
কল্পনা কৰকচোন– তাই আপোনাৰ কন্যা বা ভনী৷ এজন দুৰন্ত সুঠাম–সবল যুৱকে হঠাৎ এদিন আৱিষ্কাৰ কৰিলে যে ভাগ্যৰ আকস্মিক আঘাতত তেওঁ নিজৰ শৰীৰটো লৰচৰ কৰাৰ শক্তি চিৰদিনলৈ হেৰুৱাই পেলাইছে৷ এখন হুইল চেয়াৰত বহি বহি নিজৰ ভাগ্যক ধিক্কাৰ দি থকাৰ বাহিৰে আৰু অবর্ণনীয় শাৰীৰিক–মানসিক যন্ত্রণাৰ জুইত তিলে তিলে দগ্ধ হৈ থকাৰ বাহিৰে আন একো কৰিবলৈ তেওঁৰ উপায় নাই৷ মাক–দেউতাকৰ অবর্তমানত তেওঁকনো কোনে পায়খানালৈ লৈ যাব, সেইটোৱেই হ’ল তেওঁৰ দিবাস্বপ্ণৰ একমাত্র বিষয়৷ হুইল চেয়াৰত বহি বহি তেওঁ কেৱল অপেক্ষা কৰি ৰ’ব মৃত্যুৰ কাৰণে৷
কল্পনা কৰকচোন– এই ডেকাজন আপোনাৰ পুত্র বা ভাতৃ৷
‘আমাৰ অসম’ৰ পাতত আপুনি ইতিমধ্যে মাত্র কেইজনমান এনেকুৱা অভিশপ্ত ডেকা–গাভৰুক আৱিষ্কাৰ কৰিছে৷ কিন্তু কোনো সন্দেহ নাই যে ৰাজ্যখনৰ সকলো ঠাইতে এনেকুৱা হাজাৰ হাজাৰ অভিশপ্ত ল’ৰা–ছোৱালীৰ জীৱন নীৰৱে জহি–খহি যাব ধৰিছে৷ তেওঁলোকৰ বেছিভাগেই দৰিদ্র অথবা নিম্নবিত্ত পৰিয়ালৰ মানুহ৷ ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিছে৷ মানুহৰ মৰমৰ পৰাও তেওঁলোক বঞ্চিত৷ তেওঁলোকৰ কাৰণে মাহে মাত্র দুহাজাৰমান টকাৰ পেন্সনৰ ব্যৱস্থা কৰিবলৈ মই অসমৰ মুখ্যমন্ত্রীক কাতৰভাৱে অনুৰোধ কৰিছিলোঁ৷ কিন্তু ‘দৰিদ্রৰ বন্ধু’ মুখ্যমন্ত্রীজন ইমানবোৰ ডাঙৰ ডাঙৰ কথাত আৰু কামত ব্যস্ত হৈ থাকিব লগা হয় যে এনেকুৱা সৰু সৰু কথালৈ কাণ দিবলৈ তেওঁৰ সময় নাই৷ তদুপৰি তেওঁ দীনহীন মন্ত্রী আৰু বিধায়কক পেন্সন দিয়েই ৰাজভঁৰাল আধা উদং কৰিছে৷ শাৰীৰিক প্রতিবন্ধীক পেন্সন দিবলৈ তেওঁ ধন পাব ক’ত? কিন্তু এই অভিশপ্ত মানুহবোৰৰ প্রতি চৰকাৰ উদাসীন হ’ল বুলিয়েই আমিও তেওঁলোকৰ প্রতি উদাসীন হৈ থাকিমনে? কেতিয়াও নাথাকোঁ৷ আমি যদি নিজকে মানুহ বুলি পৰিচয় দিব খোজোঁ, তেন্তে আমাৰ দৰে একে তেজ–মঙহৰ মানুহৰ দুখ–দুর্দশাৰ প্রতি আমি কেতিয়াও উদাসীন হৈ থাকিব নোৱাৰোঁ৷ মানৱ জাতিৰ শ্রেষ্ঠ শিক্ষকসকলে যুগ যুগ ধৰি মানুহক এই শিক্ষা দি আহিছে যে দুখ–বিপদত পৰা মানুহৰ সেৱা কৰাটোৱেই হ’ল মানুহৰ আটাইতকৈ ডাঙৰ ধর্ম৷ মই অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে ‘অসমীয়া বিশ্বকোষ’ প্রণয়নৰ কাৰণে ভিক্ষাপাত্র হাতত লৈ ধুবুৰীৰ পৰা শদিয়ালৈকে ঘূৰি ফুৰিছিলোঁ৷ বিশ্বকোষৰ কাৰণে দৰকাৰ হৈছিল প্রায় ৬০ লাখ টকা৷ এজন ধনী ব্যৱসায়ীয়ে মোৰ ওচৰলৈ আহি প্রস্তাৱ দিছিল যে মাত্র ৬০ লাখ টকাৰ কাৰণে মই ইমান কষ্ট কৰাৰ দৰকাৰ নাই তেওঁলোকৰ বিশজন ব্যৱসায়ীয়ে গাইপতি ৫ লাখকৈ টকা দি এদিনৰ ভিতৰতে মোৰ হাতত ৬০ লাখ টকা তুলি দিব৷ তেতিয়া মই তেওঁক কৈছিলোঁ যে বিশজন ব্যৱসায়ীৰ পৰা ৬০ লাখ টকা লৈ মই অসমীয়া বিশ্বকোষ উলিয়ালে সেই বিশ্বকোষ হ’ব বিশজন ব্যৱসায়ীৰ বিশ্বকোষ৷ কিন্তু মই বিচাৰোঁ যে ই হওক অসমৰ ৰাইজৰ বিশ্বকোষ৷ সেয়ে মই ৰাইজৰ পৰা দহ–বিশ টকাকৈ তুলি বিশ্বকোষখনক ৰাজ্যখনৰ সকলো মানুহৰ সম্পত্তিত পৰিণত কৰিবলৈ সংকল্প ল’লোঁ৷ দান–দক্ষিণা বিচাৰি মই য’লৈকে গৈছিলোঁ, তাতেই এটা সত্য কাহিনী কৈ ফুৰিছিলোঁ৷ কাহিনীটো পঢ়িছিলোঁ ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ এখন কিতাপত৷ এবাৰ মাদ্রাজত ভাষাতত্ত্ববিদসকল এখন সর্বভাৰতীয় সন্মিলন অনুষ্ঠিত হৈছিল৷ সেই সন্মিলনত যোগ দিবলৈ কলিকতাৰ পৰা ড০ চট্টোপাধ্যায় আৰু কেইজনমান বাঙালী পণ্ডিত ৰে’লগাড়ীৰে মাদ্রাজলৈ গৈছিল৷ ৰে’লগাড়ীখন গৈ মাদ্রাজ প্রেছিডেঞ্চীত প্রৱেশ কৰাৰ লগে লগে প্রদেশখনৰ বিভিন্ন ৰে’ল ষ্টেচনত আৰু কেইবাজন তামিল ভাষাতত্ত্ববিদ ড০ চট্টোপাধ্যায়হঁতৰ দবাটোত উঠিল৷ সেইটো বন্দৱস্ত আগতেই কৰি থোৱা আছিল৷ কোনোবা এটা ষ্টেচনত সেই দবাটোতে আন এজন মানুহ উঠিল৷ তেওঁ দবাটোত উঠিয়েই হাতত এটা ভিক্ষাপাত্র আৰু এখন গোহাৰি–পত্র লৈ প্রত্যেকজন যাত্রীৰ পৰা ভিক্ষা খুজিবলৈ আৰম্ভ কৰিলে৷ দবাটোত থকা মাদ্রাজী যাত্রীকেইজনে ভিক্ষাৰীজনৰ প্রতি পৰম শ্রদ্ধা প্রদর্শন কৰি যেয়ে যি পাৰে ধন তেওঁৰ ভিক্ষাপাত্রত তুলি দিলে৷ কিন্তু ভিক্ষাৰীজন ড০ চট্টোপাধ্যায়ৰ সন্মুখত থিয় দিয়া মাত্রকতে তেওঁ ভিক্ষা দিয়াৰ পৰিৱর্তে খেংখেঙাই উঠিল৷ সকলোৱে শুনাকৈ তেওঁ ক’বলৈ ধৰিলে যে তেওঁ ভিক্ষা বৃত্তিক অতি ঘৃণাৰ চকুৰে চায় আৰু ভিক্ষাৰীক কেতিয়াও প্রশ্রয় দিব নোখোজে৷ তথাকথিত ভিক্ষাৰীজনৰ মুখত একো ভাবান্তৰ নঘটিল৷ তেওঁৰ মুখত বিৰাজ কৰি থকা প্রশান্তি ড০ চট্টোপাধ্যায়ৰ ভর্ৎসনা শুনিও অবিকৃত হৈ ৰ’ল৷ পিছৰটো ষ্টেচনত তেওঁ নীৰৱে ৰে’লগাড়ীৰ পৰা নামি গ’ল৷ ভিক্ষাৰীজন নামি যোৱাৰ পিছত মাদ্রাজীত ক’বলৈ ধৰিলে– ‘আপুনি আজি যিজন মানুহক ভিক্ষাৰী বুলি অপমান কৰিলে, তেওঁ আচলতে কোন আপুনি জানেনে? তেওঁ হ’ল মাদ্রাজৰ আটাইতকৈ ধনী মানুহ৷ তেওঁ এটা মন্দিৰ নির্মাণ কৰি আছে৷ নির্মাণৰ খৰচ হ’ল প্রায় এক কোটি টকা৷ এক কোটি টকা তেওঁ অকলেই দিব পাৰে৷ কিন্তু তেওঁ অনুভৱ কৰে যে মন্দিৰটো নির্মাণৰ সমস্ত ব্যয় ভাৰ তেওঁ অকলেই বহন কৰিলে মানুহে মন্দিৰটোক তেওঁৰ ব্যক্তিগত সম্পত্তি বুলি ভাবিব৷ কিন্তু ধনী মানুহজনে সেইটো নিবিচাৰে৷ তেওঁ বিচাৰে যে মন্দিৰটো হওক সকলো ৰাইজৰ সম্পত্তি৷ সেই কাৰণে তেওঁ ৯৯ লাখ টকা অকলেই খৰচ কৰি বাকী ১ লাখ টকা এটকা–দুটকাকৈ ভিক্ষা হিচাপে লৈ সংগ্রহ কৰিছে ৰাইজৰ পৰা৷’
এই কাহিনীটো কৈ কৈয়েই মই অসমীয়া বিশ্বকোষৰ কাৰণে বহু লাখ টকা সংগ্রহ কৰিছিলোঁ৷ মানুহে দান দিছিল এটকাৰ পৰা এক লাখ টকালৈ৷ দাতাসকলৰ ভিতৰত আছিল কলগাছিয়াৰ ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি মাকুমৰ শিখ ট্রাক ড্রাইভাৰ আৰু বিলাসীপাৰাৰ বিহাৰী ট্রাক ড্রাইভাৰলৈকে বিচিত্র শ্রেণীৰ মানুহ৷ এগৰাকী অসমীয়া গৃহিণীয়ে হাঁহকণী আৰু পুৰণি বাতৰিকাকত বেচি অসমীয়া বিশ্বকোষৰ পুঁজিলৈ আগবঢ়াইছিল নগদ দুশ টকা৷
অসমৰ পংগু, শাৰীৰিক প্রতিবন্ধী আৰু দুৰাৰোগ্য ৰোগীসকলৰ কাৰণে মই যিটো স্থায়ী পুঁজিৰ পৰিকল্পনা কৰিছোঁ, সেই পুঁজিলৈ কোনো মানুহৰ পৰাই এহাজাৰ টকাতকৈ বেছি ধন বিচৰা নহ’ব৷ এটকাৰ পৰা এহাজাৰ টকালৈকে ধন সংগ্রহ কৰা হ’ব৷ প্রথমতে আমি এশজন উদ্যোক্তাই গাইপতি এজাহাৰকৈ টকা দি এক লাখ টকাৰ পুঁজি গঠন কৰিম৷ তাৰ পিছত আমি অসমৰ সকলো ৰাইজক আহ্বান জনাম যাতে তেওঁলোকে এটা নির্দিষ্ট বেংক একাউণ্টলৈ এজাহাৰ টকাৰ ক্রছ চেক পঠিয়ায়৷ অসমখন দুখীয়া মানুহৰ ৰাজ্য হ’লেও ইয়াত এটা বুজনসংখ্যক ধনী মানুহৰ সম্প্রদায়ো গঢ় লৈ উঠিছে৷ আলিবাটত মটৰগাড়ীৰ ভিৰেই সেই কথা প্রমাণ কৰে৷এবছৰত ১০ কোটি টকা সংগ্রহ কৰাটো হ’ল আমাৰ লক্ষ্য৷ দহ কোটি টকা বেংকত স্থায়ীভাৱে জমা থ’লে Fixed deposit) বছৰত প্রায় ডেৰ কোটি টকা সুদ পোৱা যাব বুলি এই বিষয়ে জনা মানুহে মোক কৈছে৷ এই ডেৰ কোটি টকাৰেও আমি বহুতো পংগু মানুহক মাহেকীয়া পেন্সন দিব পাৰিম আৰু দুখীয়া পৰিয়ালৰ দুৰাৰোগ্য ৰোগীৰ চিকিৎসাৰ দায়িত্বও গ্রহণ কৰিব পাৰিম৷ আমাৰ প্রস্তাৱিত সভাখন হৈ যোৱাৰ পিছত এই পুঁজিটো কেনেকৈ পৰিচালনা কৰা হ’ব আৰু আর্থিক সাহায্য প্রদানৰ কাৰণে কেনেকৈ ৰোগী বা প্রতিবন্ধী নির্বাচন কৰা হ’ব, সেই বিষয়ে বিস্তাৰিতভাৱে অসমৰ ৰাইজক জনাম৷ যিসকল দাতাই তেওঁলোকৰ নামবোৰ বাতৰিকাকতত প্রকাশ হোৱাটো বিচাৰে, তেওঁলোকৰ নামবোৰো বাতৰিকাকতত প্রকাশ কৰা হ’ব৷ প্রস্তাৱিত পুঁজিটোৰ এটা ফুটাকড়িৰো যাতে অপব্যৱহাৰ হ’ব নোৱাৰে, তাৰ কাৰণে লোৱা ব্যৱস্থাৰ কথাও ৰাইজক জনোৱা হ’ব৷ গুৱাহাটীত আমাৰ মূল সংগঠনটো স্থাপন কৰি লোৱাৰ পিছত সেই সংগঠন সমগ্র ৰাজ্যখনলৈ সম্প্রসাৰণ কৰা হ’ব আৰু এই পুণ্য কর্মত সকলো মানুহক জড়িত কৰিবলৈ ব্যৱস্থা লোৱা হ’ব৷
ওপৰত লিখা কথাখিনি এটা প্রস্তাৱ মাত্র৷ বা ইয়াক আমাৰ সৰৱ চিন্তাও loud thinking) বুলি ক’ব পাৰি৷ কিন্তু কামটো কৰিবলৈ আমি দৃঢ়প্রতিজ্ঞা৷ আমাৰ মনত বিন্দুমাত্র সন্দেহ নাই যে এই মহৎ প্রস্তাৱলৈ আমি অসমৰ সকলো শ্রেণীৰ মানুহৰ স্বতঃস্ফূর্ত সঁহাৰি লাভ কৰিম৷
সামৰণিত ডব্লিউ বেৰান উল্ফ নামৰ এজন লেখকৰ What is happiness) নামৰ এখন কিতাপৰ পৰা এটা মাত্র পেৰাগ্রাফ উদ্ধৃত কৰিলোঁ৷ তেওঁ লিখিছে–If you live only for yourself you are always in immediate danger of being bored to death with the repetition of your own views and interests… Choose a movement that presents a distinct trend toward greater human happiness and align yourself with it. No one has learned the meaning of living until he has surrendered his ego to the service of his fellowmen.

(২০১১ চনৰ ৩০ জানুৱাৰীৰ ‘আমাৰ অসম’ত প্রকাশ হোৱা প্রবন্ধৰ পুনর্মুদ্রণ)

You might also like