ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী : মাজত মাত্ৰ দুদিন। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বাবে অধিৱেশনস্থলীত এতিয়া উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ৷
জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুতি সমাপ্ত হৈছে। জামুগুৰিহাটৰ প্ৰতিখন গাঁৱৰ আই-মাতৃসকল এতিয়া পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অধিৱেশনলৈ আহিব লগা ভকত-বৈষ্ণৱক আপ্যায়ন কৰাৰ বাবেই প্ৰতিখন গাঁৱতে সমূহীয়াভাৱে বনোৱা হৈছে পিঠা-পনা, লাডু। হৰিনাম গাই আই-মাতৃসকল এতিয়া আখলত ব্যস্ত পিঠা-পনা, লাড়ু তৈয়াৰ কৰাত।
ইফালে, জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ দৈনিক সোত বৈছে ভক্তিপ্ৰাণ ৰাইজৰ ৷ হৰিনামেৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰ চৌহদ ৷