নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় পর্যায়ৰ ১২ সমষ্টিত মহাজোঁট–মিত্রজোঁট তয়াময়া বঙহৰ যুঁজ

শাসক–বিৰোধীৰ ৪০ সমষ্টি দখলৰ সমীকৰণত লগাইছে আউল

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ অহা ৬ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনত ১২টা সমষ্টিত মহাজোঁট–মিত্রজোঁট বঙহৰ তয়াময়া যুঁজে নির্বাচনী সমীকৰণত আউল লগাইছে৷ জলেশ্বৰ, বাঘবৰ, সৰুক্ষেত্রী আৰু চেঙা সমষ্টিত কংগ্রেছ আৰু এ আই ইউ ডি এফ দুয়োটা দল বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ জলেশ্বৰ সমষ্টিত কংগ্রেছে আফতাবুদ্দিন মোল্লাক দলীয় প্রার্থিত্ব প্রদান কৰাৰ বিপৰীতে এ আই ইউ ডি এফে ড০ ৰেজা এম এ আমিনক প্রার্থিত্ব দিছে৷ সেইদৰে বাঘবৰ সমষ্টিত কংগ্রেছে শ্বেৰমান আলী আহমেদক প্রার্থিত্ব দিয়াৰ বিপৰীতে এ আই ইউ ডি এফে ৰাজীৱ আহমেদক দলীয় টিকট দিছে৷ সৰুক্ষেত্রী সমষ্টিত কংগ্রেছে জাকিৰ হুছেইন শিকদাৰক দলীয় টিকট দিয়াৰ বিপৰীতে এ আই ইউ ডি এফে মীনাক্ষি ৰহমানক প্রার্থিত্ব দিছে৷ একেদৰে চেঙা সমষ্টিত শুকুৰ আলী আহমেদক কংগ্রেছে দলীয় টিকট দিয়াৰ বিপৰীতে এ আই ইউ ডি এফে আশ্রাফুল হুছেইনক টিকট দিছে৷ বর্তমান আটাইকেইটা সমষ্টিতে কংগ্রেছে এ আই ইউ ডি এফৰ বিৰুদ্ধে আৰু এ আই ইউ ডি এফে কংগ্রেছৰ বিৰুদ্ধে আক্রমণাত্মক প্রচাৰ চলাই বঙহৰ যুঁজত অৱতীর্ণ হৈছে৷

ইপিনে ধুবুৰী, গৌৰীপুৰ আৰু বিলাসীপাৰা পশ্চিম সমষ্টি মিত্রতাৰ সূত্রে কংগ্রেছে এ আই ইউ ডি এফক এৰি দিছে যদিও সেই মিত্রতাৰ বিৰুদ্ধাচৰণ কৰি প্রার্থিত্বপ্রত্যাশী কংগ্রেছীয়ে নির্দলীয় ৰূপত নির্বাচনী যুঁজত নামি পৰিছে৷ ধুবুৰীত এ আই ইউ ডি এফৰ নজৰুল হকৰ বিৰুদ্ধে কংগ্রেছৰ ৰছুল হকে নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সেইদৰে গৌৰীপুৰ সমষ্টিত এ আই ইউ ডি এফৰ মিজানুৰ ৰহমানৰ বিৰুদ্ধে প্রাক্তন কংগ্রেছী মন্ত্রী মহিবুল হকে নির্দলীয় হিচাপে নির্বাচনী ৰণত অৱতীর্ণ হৈছে৷ বিলাসীপাৰা পশ্চিম সমষ্টিত এ আই ইউ ডি এফৰ হাফিজ বছিৰ আহমেদ কাছিমীৰ বিৰুদ্ধে কংগ্রেছৰ আলী আকবৰ মিঞাই নির্দলীয় (ৰাইজৰ দল) হিচাপে নির্বাচনী যুঁজত নামিছে৷ সেইদৰে গোলকগঞ্জ সমষ্টিত কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হৈ আবু তাহেৰ বেপাৰীয়ে নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ভৱানীপুৰ সমষ্টিত এ আই ইউ ডি এফৰ টিকটৰ পৰা বঞ্চিত হৈ আবুল কালাম আজাদে নির্দলীয় হিচাপে যুঁজত নামিছে৷ সেইদৰে অভয়াপুৰী দক্ষিণ সমষ্টিতো এ আই ইউ ডি এফে কংগ্রেছক এৰি দিয়াত ক্ষুব্ধ হৈ এ আই ইউ ডি এফৰ ৰমনাথ মণ্ডলে নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে৷

মুঠতে প্রার্থিত্বকেন্দ্রিক সংঘাত তথা এ আই ইউ ডি এফৰে কৰা মিত্রতাৰ বাবেই উক্ত সমষ্টিকেইটাত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত বঙহৰ যুঁজ চলিছে৷ অৱশ্যে মহাজোঁটতে যে বঙহৰ যুঁজ চলিছে এনে নহয়, বিজেপি নেতৃত্বাধীন মিত্রজোঁটতো দেখা গৈছে বঙহৰ যুঁজ৷ দুধনৈত এইবাৰ বিজেপিয়ে শ্যামজিৎ ৰাভাক দলীয় প্রার্থিত্ব প্রদান কৰে৷ সমষ্টিটোৰ বর্তমানৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভাই দলীয় টিকটৰ পৰা বঞ্চিত হৈ নির্দলীয় হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ সেইদৰে বিজনী সমষ্টিত বিজেপিয়ে অজয় কুমাৰ ৰায়ক দলীয় টিকট প্রদান কৰিছে৷ বিজেপিৰ মিত্রদল ইউ পি পি এলে সমষ্টিটোত ফণীন বড়োক প্রার্থী হিচাপে প্রক্ষেপ কৰিছে৷ ফলত বিজনী সমষ্টিত বিজেপি আৰু ইউ পি পি এলৰ মাজত বঙহৰ যুঁজ চলাটো পৰিলক্ষিত হৈছে৷ সমষ্টিয়ে সমষ্টিয়ে চলা এনে বঙহৰ যুঁজে শাসক–বিৰোধীৰ কাক উপকৃত কৰে, তাৰ বাবে অহা ২ মে’ত হ’বলগীয়া ভোটগণনাৰ অন্ততহে সমগ্র ছবিখন পৰিষ্কাৰ হৈ উঠিব৷

You might also like