নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৫ চনত অসমত গঁড় হত্যা শূন্য

বন সংৰক্ষণৰ ক্ষেত্ৰত অসমে এক গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। ২০২৫ চনত ৰাজ্যখনত এটাও গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই বুলি আজি নতুন দিনৰ আলাপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।

এই সাফল্যৰ আঁৰত বন বিভাগৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, ড্ৰোন নিৰীক্ষণ আৰু বনকৰ্মীসকলৰ নিৰন্তৰ পহৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাজিৰঙা, মানাহ, পবিতৰা আদি সংৰক্ষিত বনাঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছিল।

চৰকাৰী সূত্ৰ অনুসৰি, এই সফলতাৰ জৰিয়তে অসমে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক, ১ জানুৱাৰী

You might also like