নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ অভিযানত যুৱতীসহ পাঁচ ডকাইত আটক

  • নৱবৰ্ষৰ প্ৰথম নিশাই যমুনামুখ আৰক্ষীৰ সফল অভিযান।
  • আৰক্ষীৰ অভিযানত যুৱতীসহ পাঁচ ডকাইত আটক।
  • হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত সৰুপথাৰত নিশা গোপন সূত্ৰৰ পম খেদি এটি ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • ডকাইতৰ দলটোত এগৰাকী যুৱতীও আটক হয়।
  • ধৃত ডকাইতকেইটাৰ পৰা এটি 9MM পিষ্টল উদ্ধাৰ হয়।
  • যুৱতীগৰাকীয়ে লুকুৱাই ৰাখিছিল পিষ্টলটো।
  • আনহাতে সূত্ৰৰ মতে ডকাইতৰ দলটোৰ হাতত আৰু কেইবাটাও অস্ত্ৰ আছিল।
  • আৰক্ষীৰ অভিযানৰ সময়ত জংলৰ মাজত পেলাই দিয়ে অস্ত্ৰসমূহ।
  • ধৃত ডকাইতকেইটা ক্ৰমে ছেলিমা খাতুন, ছাদিক হাছান, ছাইদুল ইছলাম, মিৰাজুল ইছলাম আৰু ৰফিকুল ইছলাম।

ডিজিটেল ডেস্ক, ১ জানুৱাৰী

You might also like