নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২২সংখ্যক দীক্ষান্ত সমাৰোহ

বিশেষ বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : দেশৰ উচ্চ শিক্ষাখণ্ডলৈ অপৰিসীম বৰঙণি আগবঢ়াই অহা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২২সংখ্যক দীক্ষান্ত সমাৰোহ ৯ মাৰ্চত অনুষ্ঠিত হ’ব। এই সমাৰোহত সভাপতিত্ব কৰিব ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য গুলাব চান্দ কাটাৰfয়াই। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ভাৰতৰ আগশাৰীৰ চিন্তাবিদ তথা নিটি আয়োগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া অমিতাভ কান্টে। এই সমাৰোহতে অসমৰ সাহিত্য জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা স্বনামধন্য সাহিত্যিক ইমৰান শ্বাহক সন্মানীয় ডি লিট আৰু বিশিষ্ট লোকবোধ্য বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক ডি. এচচি সন্মানেৰে সন্মানিত কৰা হ’ব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে জনোৱা অনুসৰি এই সমাৰোহত মুঠ ১,৩৪১জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। তাৰে ৭২জনক পি.এইচ.ডি, ৪০জন শিক্ষাৰ্থীক স্বৰ্ণপদক আৰু ৩জন শিক্ষাৰ্থীক বিজ্ঞান, কলা আৰু বানিজ্য শিতানত শ্ৰেষ্ঠ স্নাতকৰ স্বৰ্ণ পদক প্ৰদান কৰা হ’ব। তদুপৰি নৃতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক ‘জোনালী ক্ৰপী মেম’ৰিয়েল এন্দাউমেন্ট এৱাৰ্ড এণ্ড গল্ড মেডেল’ প্ৰদান কৰা হ’ব।

প্ৰেৰক বিভাস দুৱৰা

You might also like