নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐনিতমৰ সুৰত মুখৰ জোনাইৰ বিভিন্ন প্ৰান্ত : কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উদযাপন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত ধেমাজি জিলাৰ জোনাইৰ প্ৰান্তে প্ৰান্তে গুমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।  জোনাইৰ বিভিন্ন গাঁৱত বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে পৰম্পৰাগতভাৱে চলি অহা মিচিং জনগোষ্ঠীৰ অতিকে আপোন কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আয়ে-লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ বাপতিসাহোন উৎসৱ আলি-আয়ে- লৃগাং (শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ) পালন কৰে । মিচিং ভাষাত আলি= শস্যৰ বীজ, আয়ে= ফল আৰু লৃগাং=উৎসৱ। অৰ্থাৎ  আলি-আয়ে-লৃগাং মানে শস্য সিঁচা আৰম্ভণি উৎসৱ। জোনাইৰ বিভিন্ন প্ৰান্তত থকা মিচিং গাঁওসমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ l পুৱাৰে পৰা মিচিং ডেকা-গাভৰু, বোৱাৰীৰ লগতে বয়োজ্যেষ্ঠসকলে একেলগে উদযাপন কৰিছে অতিকৈ আপোন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি-আয়ে- লৃগাংl ফাগুনৰ প্ৰথম বুধবাৰ মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰি আলি-আয়ে-লৃগাং পালন কৰি আহিছে l মিচিংসকলে আজিৰে পৰা পথাৰত সিঁচা শস্যৰ পোক-পৰুৱাই  খাই নষ্ট নকৰে, তাৰ বাবে দঃঞি পঃল, কাৰ্চিং কাৰ্তাকক পৰম্পৰা ৰীতি-নীতিৰে প্ৰাৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে । লৃগগদ তথা মাংগলিক কাৰ্য্যৰ পিছতে মুৰংঘৰত একেলগে বহি পুৰাং আপিন, পোৰা গাহৰি মাংস, আদা, নহৰু, শুকান মাছৰ চাটনিৰ লগত পঃৰ আপঙৰ জুতি লয় বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, বোৱাৰী সকলোৱে৷ জোনাইৰ গালী মেছাকী গাঁৱতো আলি-আয়ে-লৃগাং উদযাপনৰ দৃশ্য। ইফালে, পুৱাৰে পৰা জোনাইৰ অতিকৈ পুৰণি লাচিত নগৰ গাঁৱৰ অনামিচিং ডেকা-গাভৰু, বােৱাৰীৰ লগতে শিশুৰ পৰা বয়ােজ্যেষ্ঠলৈ  একেলগে উদযাপন কৰিছে মিচিংসকলৰ অতিকৈ আপােন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং । আজিৰে পৰা গুমৰাগ চঃমান, ঐনিতম, কাবানেৰে মুখৰিত হৈ পৰিছে জোনাই অঞ্চলৰ ঐৰামঘাট, পুৰণা জেলম, চিৰুং, লেকু, তৰাজান, ১নং, ২ নং মূৰ্কংচেলক, মিগম দ:লুং, ৰুৱাদ দ:লুং, আগাম দলুং, ৰতকে, কুলি গাৱ, আৰিমৰা, বাহিৰ জোনাই, বাহিৰ চিলে , ৰিগবি, ৰাজাখানা, বিজয়পুৰ কাৰ্পুনপুলি, জোনকাৰেং, তেলাম, ডেকাপাম, কাৱৈমাৰী মিচিং,কাশীনাথ, চমকং পাগৰ’, চমকং ডাম্বুক, চৰাইবাৰী, লকলুং, টাদুনীয়া, লাম্বা চাপৰি, কাংকান চাপৰি, কয়লাআলি, অন্নপুৰ, ৰাউণ্ড, মিছামৰা, কাড়িচুক, নামকিৰ , ডেকাপাম, লাইমেকুৰী, আমলক্ষী পাইত, তেলাম কমনচেলেক, বৰাটী, লুহিতপৰীয়া, ৰামধন, মিলনপুৰ, গালি মেচাকি, বৰবালি, গালি চিকাৰী, শান্তিপুৰ,  ডিমৌ, ডিপা আদি বিভিন্ন মিচিং বসতিপ্ৰধান গাঁও ৷
প্ৰেৰক কৰবী দলে
You might also like