নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ ঘণ্টাতে চূড়ান্ত হ’ব মিত্রজোঁটৰ আসন বুজাবুজি

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰিলে স্থিতি

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ দেশৰ নির্বাচন আয়োগে অহা ১০–১৫ দিনৰ ভিতৰতে অসম বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা প্রকট যদিও এই মুহূর্তলৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে আসন বুজাবুজি সম্পন্ন কৰিব পৰা নাই৷ মূলতঃ আসন বুজাবুজিক লৈ বিজেপি আৰু অগপৰ মাজত উদ্ভৱ হোৱা সমস্যা আৰু ইউ পি পি এলে বিটিচিৰ অধীনস্থ ১২টা সমষ্টিতে এককভাৱে নির্বাচনত অৱতীর্ণ হ’বলৈ বিচৰাৰ বাবেই আসন বুজাবুজি সম্পন্ন কৰিব পৰা নাই বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷ পিছে ৰাজনৈতিক মহলত চলা তেনে চর্চাৰ বিপৰীতে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁলোকৰ মাজত হ’বলগীয়া আসন বুজাবুজি এখন চাহ মেলতেই সম্পূর্ণ কৰিব পৰা যাব বুলি প্রকাশ কৰে৷ দেওবাৰে পুৱা গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত আয়োজিত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে নির্বাচনৰ দিন ঘোষণাৰ ৪৮ ঘণ্টাৰ পৰা ৭২ ঘণ্টাৰ ভিতৰতে আসন বুজাবুজি সম্পূর্ণ কৰিব পৰা যাব৷ আসন বুজাবুজিক লৈ বিজেপি মিত্রজোঁটৰ সমস্যা নাই৷ দুধনৈ সমষ্টিটো ৰাভা হাছং যৌথ সংগ্রাম সমিতিয়ে লাভ কৰিব৷ ধেমাজি–জোনাইক লৈও বিশেষ সমস্যা নাই৷ জোনাইৰ গণ শক্তিৰ বিধায়ক ভুবন পেগুৱে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷ তিৱা এতিয়া বেলেগ হৈ থকা নাই৷ অগপ আৰু ইউ পি পি এলৰ লগত এখন চাহ মেলত মিলিত হ’লেই আসন বুজাবুজি শেষ কৰিব পৰা যাব৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্রতিটো মিত্রদলৰ সভাপতিসকলৰ লগত নিয়মিত যোগাযোগ অব্যাহত ৰাখিছে৷ ইউ পি পি এলে বিটিচিৰ ১২টা সমষ্টিতে নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতা কৰিব বিচৰাৰ প্রসংগত ড০ শর্মাই কয় যে বিজেপিয়ে ইউ পি পি এল–জি এছ পিৰ লগত একেলগে এইবাৰ বিধানসভা নির্বাচনত অৱতীর্ণ হ’ব৷ এই সম্পর্কত ইউ পি পি এল আৰু জি এছ পিৰ লগত প্রাৰম্ভিক আলোচনা চলি আছে৷

আনহাতে, অগপই বিজেপিৰ দখলত থকা সমষ্টিত আৰু বিজেপিয়ে অগপৰ দখলত থকা সমষ্টিত ৰাজনৈতিক সভা–সমিতি অনুষ্ঠিত কৰা সম্পর্কত ড০ শর্মাই কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত বিজেপি আৰু অগপ নেতৃত্বৰ মাজত হোৱা আলোচনা অনুসৰিয়েই তেনে ধৰণৰ ৰাজনৈতিক সভা–সমিতি অনুষ্ঠিত কৰা হৈছে৷ অমিত শ্বাহৰ উপস্থিতিত হোৱা বৈঠকৰ সিদ্ধান্ত অনুসৰি নিজ নিজ দলৰ কর্মীসকলক সন্তুষ্ট কৰি ৰাখিবৰ বাবেই সেই কৌশল গ্রহণ কৰা হৈছে৷ সেই বৈঠকখনত অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু তেওঁ উপস্থিত থকা বুলি উল্লেখ কৰি কয় যে তাৰ বাবেই অগপই বিজেপিৰ দখলত থকা আৰু বিজেপিয়ে অগপৰ দখলত থকা সমষ্টিত ৰাজনৈতিক সভা–সমিতি অনুষ্ঠিত কৰি আহিছে৷ আসন্ন বিধানসভা নির্বাচনত বিজেপিৰ নতুন মুখৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে বিদ্যালয়ৰ শ্রেণীত যিদৰে নতুন মুখ আহে, ক্রিকেট টীমত যিদৰে নতুন মুখ আহে, তেনেদৰে নির্বাচনী টিকটৰ ক্ষেত্রতো নতুন মুখ অহাটো স্বাভাৱিক৷ কিন্তু সকলো পুৰণিক খেদি পঠিয়াই নতুন মুখক টিকট দিয়া নহয়৷ ই

পিনে বর্তমানৰ মিত্রদল বি পি এফৰ লগত মিত্রতাৰ ম্যাদ ৫ বছৰৰ বাবেহে হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মিত্রতাৰ চুক্তি অনুসৰি বি পি এফক এতিয়াও চৰকাৰৰ অংশীদাৰ কৰি ৰাখিছে আৰু তেওঁলোকো অংশীদাৰ হৈ আছে৷ ইফালে আসন্ন বিধানসভা নির্বাচনত বিজেপিৰ প্রচাৰৰ মূল ইছ্যুৰ প্রসংগত ড০ শর্মাই কয় যে দলৰ ৰাজ্যিক নির্বাচন কমিটীৰ বৈঠক এতিয়াও অনুষ্ঠিত হোৱা নাই৷ সেয়ে তেওঁ নিজাববীয়াকৈ নির্বাচনী পলিচীৰ ওপৰত কোৱাটো সমীচীন নহয়৷ কিন্তু ব্যক্তিগতভাৱে তেওঁৰ নির্বাচনী প্রচাৰৰ মূল থীম হ’ব সভ্যতা আৰু সংঘর্ষ৷ যোৱাবাৰৰ নির্বাচনত জাতি–মাটি–ভেটিৰ শ্লোগান ৰক্ষণাত্মক ভূমিকা লৈছিল৷ এইবাৰ ৰক্ষণাত্মকৰ পৰা আক্রমণাত্মক ভূমিকা লোৱাৰ সময়৷ সভ্যতাক ৰক্ষা কৰাৰ স্বার্থতেই তেওঁ অফেনশ্বিফ ভূমিকা গ্রহণ কৰিব৷ সুস্থ জাতীয়তাবাদ, পূর্ণ ৰাষ্ট্রীয়তাবাদৰ থীম লৈ নির্বাচনত নামিব৷ তেওঁৰ আঞ্চলিকতাবাদ হ’ব পজিটিভ আঞ্চলিকতাবাদ৷

You might also like