কাছাৰ আৰক্ষীয়ে শিলচৰ চহৰৰ বিভিন্ন অঞ্চলত নিশাৰ ভিতৰতে অভিযান চলাই চুৰিৰ সৈতে জড়িত ২৫গৰাকী অপৰাধী তথা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শিলচৰৰ টাউন ব্ৰাঞ্চ, ৰাংগিৰখাৰী টাউন আউটপোষ্ট, মালুগ্ৰাম টাউন আউটপোষ্ট আৰু তাৰাপুৰ টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে গভীৰ নিশা চলোৱা অভিযানত এই চোৰকেইটাক গ্ৰেপ্তাৰ কৰে। তদুপৰি আৰক্ষীয়ে অভিযুক্তৰ পৰা মূল্যৱান বিভিন্ন চুৰি সামগ্ৰীও উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰা সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
শনিবাৰে শিলচৰত অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জনোৱা মতে, শিলচৰ চহৰৰ বিভিন্ন অঞ্চলৰ পৰা এৰাতিতে ২৫ কুখ্যাত চোৰক আটক কৰাৰ লগতে বহু মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়- কিছুদিন বিৰতিৰ পিছত শিলচৰ সদৰ আৰক্ষীয়ে চোৰৰ এটা দলৰ বিৰুদ্ধে বিশেষ অভিযান চলাই এই সফলতা অৰ্জন কৰে।
কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত নিশাটোৰ ভিতৰতে মালুগ্ৰাম, তাৰাপুৰ, ৰাংগিৰখাৰীকে ধৰি চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত এই অভিযান চলোৱা হয় বুলি জানিবলৈ দিয়ে তেওঁ।
অভিযানত চোৰৰ পৰা তাম আৰু পিতলৰ বাচন, মোবাইল ফোন, গেছ চিলিণ্ডাৰকে ধৰি বিভিন্ন ধৰণৰ চুৰি সামগ্ৰী জব্দ কৰা হয়। ধৃত ২৫টা চোৰক তীব্ৰ জেৰা অব্যাহত ৰাখিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে কয় যে এই গেঙৰ লগত জড়িত আন যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
নিয়মীয়া বাৰ্তা, শিলচৰ, ২৪ জানুৱাৰী :