নিউজ ডেস্ক, ২৪ জানুৱাৰী : আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ ভাৰতীয় বায়ুসেনাৰ বিশেষ উদ্যোগ৷ যোৱা মে’ মাহত অপাৰেচন সিন্দূৰ অভিযানত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰা যুদ্ধবিমানসমূহ উৰোৱা হ’ব দিল্লীৰ আকাশত৷ তাৰ মাজত থাকিব ৰাফেল, মিগসহ মুঠ ৭খন যুদ্ধ বিমান৷
অপাৰেচন সিন্দূৰত যিদৰে যুদ্ধ বিমানসমূহ ব্যৱহাৰ কৰা হৈছিল, যিদৰে বিমানসমূহে ৰণসজ্জাৰে সজ্জিত হৈছিল ঠিক সেইদৰেই গণৰাজ্য দিৱসতো বিমানসমূহ সজাই তোলা হ’ব৷ গণৰাজ্য দিৱসৰ পেৰেডত থাকিব দুখন ৰাফেল, দুখন মিগ–২৯, দুখন সুখয়–৩০ আৰু এখন জাগুৱাৰ যুদ্ধ বিমান৷ প্রথম শাৰীত এখন, দ্বিতীয় শাৰীত আন এখন, তাৰ পিছৰ শাৰীত দুখন আৰু শেষৰটো শাৰীত তিনিখন বিমান ৰাখি ৰণসজ্জা প্রস্তুত কৰা হ’ব পাৰে৷ যুদ্ধ বিমানসমূহক কিদৰে পাকিস্তানৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল তাক গণৰাজ্য দিৱসত সকলোৱে দেখিবলৈ পাব৷
উল্লেখযোগ্য যে যোৱা বছৰৰ ২২ এপ্রিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সংঘটিত উগ্রপন্থী আক্রমণৰ পিছত পাকিস্তানক প্রত্যাক্রমণ কৰিছিল ভাৰতীয় সেনাই৷ অপাৰেচন সিন্দূৰত ধ্বংস কৰা হৈছিল একাধিক পাক সন্ত্রাসবাদীৰ ঘাটি৷