নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলদিয়াবাথানত ২৬সংখ্যক বিষুৱা উৎসৱ উদযাপন

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ বলদিয়াবাথানত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ২৬সংখ্যক বিষুৱা উৎসৱ উদযাপন কৰে বলদিয়াবাথান বিষুৱা উৎসৱ সমিতিয়ে। ৫ আৰু ৬ ব’হাগত অনুষ্ঠিত বিষুৱাৰ অনুষ্ঠানত ১৮ এপ্ৰিলত পুৱাৰ কাৰ্য্যসূচী মতে বিষুৱাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বলদিয়াবাথান বিষুৱা পালন সমিতিৰ সভাপতি দ্বিপজ্যোতি ৰায়ে। ইয়াৰ পিছত সাংস্কৃতিক পতাকা উত্তোলন কৰে বলদিয়াবাথান বিষুৱা পালন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি লক্ষিন্দ্ৰৰ ৰায়ে। তাৰ পিছত সাত বিষুৱাৰ পতাকা উত্তোলন কৰে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, জ্যেষ্ঠজনক শ্ৰদ্ধা নিবেদন, বৃক্ষৰোপণ কৰাৰ লগতে ল’ৰা-ছোৱালীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আবেলিৰ ভাগত অনুষ্ঠিত কৰে বিষুৱা মাইনা আৰু বিষুৱা সুন্দৰী নৃত্য প্ৰতিযোগিতা। উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে কেএচিৰ ইএম কৰ্মেশ্বৰ ৰায়ে। দ্বিতীয় দিনাৰ কাৰ্য্যসূচী মতে পুৰস্কাৰ বিতৰণী অনুষ্ঠান আৰু সাংস্কৃতিক মঞ্চৰ ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে বিটিআৰ ইএম অৰূপ কুমাৰ দেই। শুভ উদ্ধোধন কৰি ইএম অৰূপ কুমাৰ দেই ভাষণ প্ৰসংগত কয় যে অহাবাৰলৈ বলদিয়াবাথানত ডাঙৰকৈ বিষুৱা উৎসৱ উদযাপন কৰিব আৰু ৰাইজৰ মনোৰঞ্জনৰ বাবে অংগৰাগ পাপন মহন্তক আমন্ত্ৰণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। মঞ্চ মুকলি অনুষ্ঠানত উপস্থিত থাকে কেএচিৰ অধক্ষ্য হিতেশ্বৰ বৰ্মন, ইএম কৰ্মেশ্বৰ ৰায়। উল্লেখ্য যে কোচ ৰাজবংশী জাতি-জনোগোষ্ঠীয় ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত আজিৰ যুৱচাম আগবাঢ়ি অহাটো কোচ ৰাজবংশী জাতি-জনগোষ্ঠীৰ বাবে এক শুভ লক্ষণ বুলি অভিহিত কৰে কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে। সেয়ে সমগ্ৰ কোচ ৰাজবংশী জাতি-জনোগোষ্ঠীকে এইক্ষেত্ৰত সহায়-সহযোগ কৰিবলৈ আহ্বান জনায়।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like