নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৬.৩৩ শতাংশৰে উজলিল ছমৰীয়াৰ হৃষীকেশ ভৰালী

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰলৈ সুনাম কঢ়িয়াই আনিলে ছমৰীয়া সত্ৰৰ সু-সন্তান হৃষীকেশ ভৰালীয়ে। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতিটো বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ ৫৭৮ নম্বৰ লাভ কৰি ৯৬.৩৩ শতাংশৰে ছমৰীয়া সত্ৰলৈ সুনাম কঢ়িয়াই আনিলে ছমৰীয়াৰ হৃষীকেশ ভৰালীয়ে। বৃহত্তৰ ছমৰীয়া সত্ৰ অঞ্চলৰ একমাত্ৰ ইংৰাজী শিক্ষাৰ শিক্ষানুষ্ঠান ৰাম সৰস্বতী একাডেমীত শিক্ষাগ্ৰহণ কৰিছিল কৃতী ছাত্ৰ হৃষীকেশ ভৰালীয়ে। পুত্ৰ হৃষীকেশ ভৰালীৰ এই সাফল্যত পৰম সুখ লাভ কৰাৰ লগতে আনন্দত আত্মহাৰা হৈ পৰিছে পিতৃ দুলাল ভৰালী আৰু মাতৃ গংগা ভৰালী। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে হৃষীকেশ ভৰালীৰ ঘৰত ৰাম সৰস্বতী একাডেমীৰ প্ৰধান শিক্ষক অলকেশ কলিতা আৰু শিক্ষক লুকেশ কলিতা উপস্থিত হৈ শুভেচ্ছা বাৰ্তা দিয়াৰ লগতে অসমীয়াৰ স্বাভিমান ফুলাম জাপি আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু কৃতী ছাত্ৰ হৃষীকেশ ভৰালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। কৃতী ছাত্ৰ হৃষীকেশ ভৰালীয়ে ছমৰীয়া সত্ৰলৈ কঢ়িয়াই অনা এই সাফল্যত ছমৰীয়া সত্ৰ অঞ্চলৰ সকলোৱে শলাগ লৈছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like