নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ খনিত বিশ্বৰ দীর্ঘতম সাপৰ জীৱাশ্ম উদ্ধাৰ

🔹 আইআইটি ৰুৰকিৰ বিজ্ঞানীৰ অনুসন্ধান : দৈর্ঘ্য ৪৯ ফুট

বিশেষ বাৰ্তা, ২০ এপ্রিল : এসময়ত বিশালকায় প্রাণীসমূহৰ বিচৰণভূমি আছিল পৃথিৱী৷ মানৱবিহীন এই পৃথিৱীত প্রাকঐতিহাসিক প্রাণীসমূহে বিচৰণ কৰি ফুৰিছিল যদিও কালৰ নিয়ম অনুসৰি এই প্রাণীবোৰ বিলুপ্ত হয় পৃথিৱীৰ পৰা৷ কিন্তু ধৰিত্রীৰ গর্ভত এই প্রাণীসমূহৰ অস্তিত্বৰ প্রমাণ থাকি গ’ল৷ গুজৰাটৰ কচ্ছত শেহতীয়াকৈ সন্ধান পোৱা গৈছে এক বিশাল সাপৰ জীৱাশ্মৰ৷ এই জীৱাশ্মৰ দৈর্ঘ্য প্রায় ৪৯ ফুট৷ চাঞ্চল্যকৰ এই আৱিষ্কাৰে বিজ্ঞানীসকলৰ মাজত সৃষ্টি কৰিছে আলোড়ন৷ ধাৰণা কৰা হৈছে যে এতিয়ালৈকে আৱিষ্কৃত বিশ্বৰ দীর্ঘতম সাপৰ জীৱাশ্ম এইটোৱে৷ কচ্ছৰ এক খনিত অনুসন্ধান কৰিবলৈ গৈ আইআইটি ৰুৰকিৰ বিজ্ঞানীসকলে ২৭ডাল হাড়ৰ সন্ধান লাভ কৰে৷ তেওঁলোকে ধাৰণা কৰা অনুসৰি, এই হাড়বোৰ আছিল বিশাল সাপৰ৷ প্রাকঐতিহাসিক যুগৰ সাপবোৰৰ ভিতৰত এয়া সর্ববৃহৎ সাপৰ জীৱাশ্ম বুলি ধাৰণাও কৰিছে বিজ্ঞানীসকলে৷ যি ২৭ ডাল হাড় উদ্ধাৰ হৈছে, সেইবোৰ সাপৰ মেৰুদণ্ড বুলি নিশ্চিত কৰিছে বিজ্ঞানীসকলে৷ লক্ষণীয় যে এতিয়াও অক্ষত হৈ আছে এই জীৱাশ্ম৷ স্মর্তব্য যে পৃথিৱীৰ ইতিহাসত বিলুপ্ত হোৱা সর্ববৃহৎ সাপ হিচাপে ধৰি লোৱা হয় ‘টাইটানোবোৱা’ক৷

You might also like