নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ দিনটোত বিশেষ সাৱধানেৰে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷
বৃষ ঃ বন্ধু–ব্যক্তিৰ পরা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ দাম্পত্যত মতবিৰোধ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷
মিথুন ঃ পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব৷ বিদ্যাত মধ্যম৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
কর্কট ঃ পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত বাধা৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
সিংহ ঃ ঘৰুৱাত কিছু ভালেই দেখা যায়৷ দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা৷ প্রেমত আনন্দ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
কন্যা ঃ কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰোঁ বুলিও অলপ বাধাগ্রস্ত হ’ব৷ দাম্পত্যত মধ্যম৷ ৰাজনীতিকসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
তুলা ঃ প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ ‘শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷
বৃশ্চিক ঃ কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯৷
ধনু ঃ খৰচ পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত বেয়া নহ’ব৷ প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
মকৰ ঃ ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্র্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
কুম্ভ ঃ পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যায়৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
মীন ঃ কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন আহাৰ যোগ আছে৷ প্রেম–পণয়ত সাময়িক বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

You might also like