নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ৩০ লাখ টকীয়া আঁচনিৰ কামত অনিয়ম

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী : বৰ্তমান ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহণশীলতা নীতি যিমানেই আওৰাক কিয়,বাস্তৱ ক্ষেত্ৰত কিন্তু ইয়াৰ ওলোটা প্ৰতিচ্ছবিহে দেখা গৈছে। ঢকুৱাখনাত চাৰিকড়ীয়া নদীপৰীয়া ৰাইজৰ অভিশাপ স্বৰূপ হৈ থিয় দিয়া চাৰিকড়ীয়া নদীখনৰ সংহাৰী খহনীয়া প্ৰতিৰোধৰ নামত সীমাহীন বিত্তীয় অনিয়মৰ সূত্ৰপাত ঘটিছে। ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ অধীনস্থ জিয়ামৰীয়া গাঁৱৰ সমীপৰে প্ৰবাহিত চাৰিকড়ীয়া নদীখনৰ ভয়াবহ খহনীয়া প্ৰতিৰোধৰ বাবে ঢকুৱাখনা উন্নয়ন খণ্ডৰ জৰিয়তে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ প্ৰায় ৩০ লাখ টকা আৱন্তন দিয়া হৈছিল। ২০২১-২০২২ বিত্তীয় বৰ্ষৰ অনুমোদিত উক্ত প্ৰতিৰোধ আঁচনি ৰূপায়ণৰ বেলিকা ব্যাপক অনিয়ম সংঘটিত কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ভুক্তভোগী গঞা ৰাইজৰ মাজৰ পৰা।ৰাজহুৱা স্বাৰ্থক জ্বলাঞ্জলি দি তেনেই নিম্নমানৰ কামৰে সমূদায় ধন আত্মসাত কৰাত চৰম ভেকো ভাওনালৈ পৰিণত হ’ল চাৰিকড়ীয়া নৈৰ খহনীয়া প্ৰতিৰোধ আঁচনি।উল্লেখ্য যে “Erosion Protection Work at 1 No Thekeraguri To Near 1 No Thekeraguri” এই ৩০ লাখ টকীয়া এই আঁচনিখনৰ উদ্দেশ্য আছিল চাৰিকড়ীয়া নৈৰ তীব্র সোঁতে গাঁওবাসীৰ স্থায়ী সুৰক্ষা প্ৰদান কৰা।কিন্ত,জিয়ামৰীয়াবাসীৰ স্থায়ী সুৰক্ষা স্বাৰ্থত গ্ৰহনকৰা এই ব্যয়বহুল জনস্বাৰ্থমুখী আঁচনিখনৰ ৰূপায়ণৰ বেলিকা বিভাগটোৰ একাংশ বিষয়া-কণিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰে চলোৱা অনিয়ম আৰু দুৰ্নীতিৰ বাবে ব্যয়বহুল আঁচনিখন সম্পূৰ্ণ ৰূপে এতিয়া নদীৰ বুকুত জাহ গ’ল।৩০ লক্ষ টকা ব্যয় সাপেক্ষে নৈৰ বক্ষত স্থাপন কৰা পকী শ্লেব আৰু শিলৰ স্পাৰ চাৰিকড়ীয়া নৈৰ প্রথমটো বাঢ়নী পানীতে আচঁনিখনৰ বৃহৎ অংশটো ভাঙি খহি যোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।ইফালে ৰাইজৰ চকুত ধূলি দি অশুভ চক্ৰটোৱে আঁচনি ৰূপায়ন স্থলীত স্থাপন কৰা গ্ৰামোন্নয়ন বিভাগৰ তথ্য ফলকৰ পৰাও মচি দিয়ে আৱন্তিত ধনৰ পৰিমাণ।স্পৰ্শকাতৰ অঞ্চলটোত গ্ৰামোন্নয়ন বিভাগৰ আঁচনিসমূহ পৰিকল্পিত আৰু সঠিকভাৱে ৰূপায়ন নোহোৱাত অঞ্চলটোত এতিয়া চাৰিকড়ীয়া নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। খহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়নৰ নামত গ্ৰামোন্নয়ন বিভাগে লুণ্ঠন চলাই অহাৰ বিপৰীতে অসম চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগটোৱে এই পৰ্যন্ত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like