নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুক্লাইৰ জৗহলাওফুৰী পাৰ্কত ভিন্নৰঙী ফুলৰ সমাহাৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ তামুলপুৰৰ নাওকাটাৰ সমীপৰ শুক্লাইৰ ‘জৗহলাওফুৰী উদ্যান’ত বিগত কেইবাবছৰো ধৰি ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। বিটিআৰৰ ২৯নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শুক্লাই নদীৰ পাৰত জৗহলাওফুৰী পাৰ্কখন নিৰ্মাণ কৰি উলিয়াইছে। জানিব পৰা মতে জৗহলাও বড়ো শব্দৰ অসমীয়া অৰ্থ ‘বীৰ বীৰাংগনা’। বড়োসকলৰ কেইবাজনো বীৰ-বীৰাংগনাৰ স্মৃতি বিজড়িত ‘বীৰ-বীৰাংগনাৰ সোঁৱৰণী পাৰ্কখন’ৰ নতুন ৰূপে আকৰ্ষিত কৰিছে সকলোকে। উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু হৰ্খাব নাৰ্জাৰীৰ স্মৃতিস্তম্ভ এইখন জহলাওফুৰী পাৰ্ক। এসময়ত মানুহে আহযাহ কৰিবলৈ ভয় কৰা বা উগ্ৰপন্থীৰ ঘাটি বুলি বদনাম থকা এই অঞ্চলটোৰ বগামাটিকে ধৰি বিভিন্ন পৰ্যটনস্থলীসমূহে ৰাইজক আমন্ত্ৰণ জনাইছে।ইপিনে পাৰ্কখনত সৰু ল’ৰা-ছোৱালীৰ বাবে আছে নানান খেলা-ধূলাৰ সুবিধাৰে সুসজ্জিত কৰি তুলিছে ৷লগতে জৗহলাওফুৰী পাৰ্কৰ সমীপৰ শুক্লাই নদীত পক্ষীৰ কলৰৱ ধ্বনিয়ে সকলোকে মুহিত কৰিছে৷ আনহাতে বড়োসকলৰ কেইবাজনো বীৰ-বীৰাংগনাৰ স্মৃতি বিজড়িত ‘বীৰ-বীৰাংগনাৰ সোঁৱৰণী পাৰ্কখন’ৰ নতুনৰূপে আকৰ্ষিত কৰিছে সকলোকে৷ এই পাৰ্কখন এটা সময়ত জৰাজীৰ্ণ হৈ আছিল যদিও শুক্লাই-চেৰফাং সমষ্টিক প্ৰতিনিধিত্ব কৰা বিটিআৰৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীৰ নিজা উদ্যোগত এতিয়া প্ৰাণ পাই উঠিছে পাৰ্কখনে। বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী নিজে এগৰাকী কৃষি কৰ্মৰ সৈতে জড়িত হোৱাৰ লগতে বাগিছা আদিৰ প্ৰতি থকা ধাউতিৰ বাবে এতিয়া নিজে সজাই-পৰাই তুলিছে এই পাৰ্কখন।ভাৰত-ভূটান সীমান্তৰ পৰ্যটনস্থলী বগামাটিলৈ যোৱাৰ পথতে অৱস্থিত হোৱা লগতে আৰু ইয়াৰ নান্দনিক পৰিৱেশৰ বাবে হাজাৰ হাজাৰ পৰ্যটকে বগামাটিৰ পৰা উভতি যোৱাৰ সময়ত বিয়লি বেলাটো সুন্দৰকৈ উপভোগ কৰিবলৈ সক্ষম হৈছে।বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীৰ এই পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।তদুপৰি অনাগত দিনতো এই পাৰ্কখনে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ভূমিকা কৰিবলৈ সক্ষম হব বুলি আশা কৰা হৈছে।

প্ৰেৰক পৱন নাথ

You might also like