নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানবিধ্বস্ত অসমলৈ কেন্দ্রৰ ৩৪০.৪০ কোটি

বিশেষ বার্তা, ১৩ জুলাইঃ নেৰানেপেৰা বৰষুণত উত্তৰ তথা উত্তৰ–পূব ভাৰতকে ধৰি দেশৰ বিভিন্ন প্রান্ত বিপর্যস্ত হৈ পৰিছে৷ সেয়েহে কোনো সময় ব্যয় নকৰাকৈ কেন্দ্রীয় চৰকাৰে আজি ক্ষতিগ্রস্ত ৰাজ্যসমূহৰ বাবে ৰাজ্যিক দুর্যোগ প্রশমন পুঁজি (এছ ডি আৰ এফ)ৰ অধীনত সর্বমুঠ ৭,৫৩২ কোটি টকা মোকলাই দিয়ে৷ হয়াৰ ভিতৰত শেহতীয়াকৈ বানবিধ্বস্ত অসমলৈ ৩৪০.৪০ কোটি টকা টকা মোকলাই দিয়া হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পৰামর্শমর্মে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে আজি এহ বুজন পৰিমাণৰ ধনৰাশি মোকলাই দিয়ে৷ বিত্ত মন্ত্রালয়ে জাৰি কৰা এটা প্রেছ বিজ্ঞপ্তি অনুসৰি প্রবল বৰষুণত ক্ষতিগ্রস্ত ৰাজ্য হিচাপে কেন্দ্রীয় গৃহ মন্ত্রালয়ে মুঠ ২২খন ৰাজ্যক এছ ডি আৰ এফ শিতানৰ পৰা ধন মোকলাই দিয়াৰ বাবে পৰামর্শ দিয়া হৈছিল৷ পৰামর্শমর্মে ডত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য হিচাপে অসমৰ বাহিৰে অৰুণাচল প্রদেশলৈ ১১০.৪০ কোটি, মণিপুৰলৈ ১৮.৮০ কোটি, মেঘালয়লৈ ২৭.২০ কোটি, মিজোৰামলৈ ২০.৮০ আৰু ত্রিপুৰালৈ ৩০.৪০ কোটি টকা আজি মোকলাই দিয়া হয়৷ পঞ্চদশ বিত্তীয় আয়োগে এছ ডি আৰ এফ শিতানত দেশৰ ৰাজ্যসমূহলৈ ২০২১-২২ বিত্তীয় বর্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বর্ষলৈ মুঠ ১,২৮,১২২.৪০ কোটি টকা প্রদানৰ বাবে প্রস্তাৱ আগবঢ়াইছিল৷ হয়াৰ ভিতৰত চলিত বিত্তীয় বর্ষলৈকে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে ৯৮,০৮০.৮০ কোটি টকা ক্ষতিগ্রস্ত ৰাজ্যসমূহক প্রদান কৰিছে৷

You might also like