নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ২ লক্ষাধিক মুগা উৎপাদনেৰে স্বাৱলম্বী ৪ মুগাপালক

সোণালী সূতাৰ দেশ ঢকুৱাখনাত এইবাৰ ৩ মহীয়া খৰাং পৰিস্থিতিৰ মাজতো ২ লক্ষাধিক জাৰুৱা মুগা উৎপাদন কৰি সন্তোষৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ ঘিলাগুৰিৰ ৩ মুগাপালক। ঢকুৱাখনা-মাজুলীৰ সীমাৰেখা খেৰকটীয়া সুঁতিৰ পাৰৰ প্ৰায় ১৫ বিঘা মাটিৰ এখন ব্যক্তিগত মুগা চোমনিত ৫০ হাজাৰ টকা ব্যয় কৰি ৫ হাজাৰ মুগাৰ সঁচ কিনি দিন-ৰাতি একাকাৰ কৰি মুগা উৎপাদনত মনোনিৱেশ কৰিছিল ঢকুৱাখনা সমজিলাৰ ডিমৰুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘিলাগুৰি গাঁৱৰ দুলাল গগৈ, ৰাজেন গগৈ, প্ৰদীপ চত্ৰধৰ আৰু মাজুলীৰ চাউৰেকীয়া গাঁৱৰ শৰৎ গগৈ নামৰ ৪ গৰাকী মুগাপালকে ৷

“আহুখেতি আহুকাল মুগা খেতিৰ কপাল ভাল” বোলা অপবাক্যশাৰীকেই সাৰোগত কৰি মুগা উৎপাদনত মনোনিৱেশ কৰা এই  চাৰি মুগাপালকে খৰাং পৰিস্থিতিত চোমগছৰ পাত শুকাই লেৰেলি যোৱাত ভোগ কৰিব লগা হৈছিল সীমাহীন দুখ-কষ্ট ৷ বিগত কেইবাবছৰো ধৰি মুগা উৎপাদনকে জীৱন-জীৱিকাৰ সম্বল হিচাপে বাছি লোৱা এই মুগাপালকসকলে চৰকাৰী সাহায্য অবিহনেই নৱেম্বৰ মাহতে মুগাৰ সঁচ যোগাৰ কৰি খৰিকা বান্ধি গছত কুমলীয়া মুগা লগাই ডিচেম্বৰ মাহৰ পৰাই চৰাই-চিৰিকটিৰ পৰা মুগাখিনিক সুৰক্ষা দি হাবি-বন কাটি দিনে-নিশাই ব্যস্ত থকাৰ সময়তে অনাবৃষ্টিৰ ফলত চিৰ সেউজীয়া চোমগছৰ পাত লেৰেলি শুকাই সৰি পৰাত ইখনৰ পিছত সিখনকৈ ৬খন মুগা চোমনিলৈ মুগা কঢ়িয়াই অশেষ কষ্টৰ মূৰত ২ লাখ ১৫ হাজাৰ মুগা উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ উপৰি ঢকুৱাখনা, মাজুলী, ধেমাজি, শিৱসাগৰ, তেজপুৰ, ঢেকীয়াজুলি আদি অঞ্চলৰ মুগাপালকসকলক ১ লাখ মুগাৰ সঁচ যোগান ধৰিবলৈকো সক্ষম হোৱাত সন্তোষৰ হাঁহি মাৰিছে ৷

নিয়মীয়া বাৰ্তা, সোণাৰি চাপৰি, ৬ মাৰ্চ :

You might also like