ৰাজ্যজুৰি বিজেপি দলে আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ ষষ্ঠ দিনা আজি ডিব্ৰুগড় জিলাৰ অধীনৰ তথা নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা শুভাৰম্ভ কৰা হয়। এই উপলক্ষে পুৱা ১০ বজাত নাহৰকটীয়া নগাঁও তিনিআলিৰ পৰা শুভাৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়া, অশোক সিংহল, ৰামেশ্বৰ তেলী নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে ডিব্ৰুগড় জিলা আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ জয়পুৰ, নাহৰকটীয়া আৰু নাহৰণি মণ্ডলৰ নেতা-কৰ্মীসকলে যোগদান কৰে।
উল্লেখযোগ্য যে সমষ্টিটোৰ ৩০ সহস্ৰাধিক লোকৰ হৰ্সোল্লাস, আদৰণী গামোচা পিন্ধোৱা কাৰ্যসূচী তথা পুষ্পবৃষ্টিৰ মাজত নাহৰকটীয়া নগাঁও তিনিআলিৰ পৰা মৰাণ তিনিআলি, লেঙেৰিজান, ৰাঙলী পথাৰ, কলীয়াপানী, গণেশ দোকান, ঘূৰণীয়া, আচাবাম গেট, নাহৰণি, কোঁৱৰীগাঁও গাঁও হৈ নাহৰকটীয়া-মৰাণ সংযোগী ৰাজ্যিক ঘাইপথেৰে টিংখাঙ অভিমুখে কৰা এই আশীৰ্বাদ যাত্ৰাত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত নাহৰকটীয়া সমষ্টিৰ পৰা তৰংগ গগৈয়ে জয়লাভ কৰিলে বিগত সময়ছোৱাত সমষ্টিটোত বিধায়ক তৰংগ গগৈয়ে যিমান উন্নয়ন কৰিলে তাৰ চাৰি গুণ অধিক উন্নয়ন কৰা হ’ব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে।
মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰীগৰাকী যে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজতে ব্যাপক জনপ্ৰিয় তাক প্ৰমাণ কৰি আজি তেওঁৰ এই যাত্ৰা পথত ৰাঙলী পথাৰৰ মুছলমান সমাজৰ মুঠ ৭০টা পৰিয়ালে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ বুলি সৰ্বমুঠ ১১,১১১ টকা অনুদান আগবঢ়োৱাৰ লগতে মুখ্যমন্ত্ৰীৰ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাঙলীপথাৰ মছজিদত জুম্মাৰ নামাজো কিছু সময়ৰ বাবে স্থগিত ৰাখে।
আনহাতে, তেওঁলোকৰ এই বদান্যতাত স্বাভাৱিকতে অভিভূত হৈ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই তেওঁলোকক আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে উজনিৰ প্ৰতিগৰাকী থলুৱা মুছলমান লোক তেওঁৰ সৈতে আছে বুলি মন্তব্য কৰে।
বিশেষ বার্তা, নাহৰকটীয়া, ৬ মাৰ্চ :